আকস্মিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাহৰিৰ মৃত্যুকলৈ মন্ত্ৰী অতুল বৰাৰ সংবাদমেল। ‘ৰাজ্যৰ ৬ খন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু হৈছে। ৰাজ্যত শেহতীয়াকৈ প্ৰায় ১৯৬৪টা গাহৰিৰ মৃত্যু হৈছে।’- সংবাদমেলযোগে এই কথা জনালে অতুল বৰাই। শিৱসাগৰ জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে। শিৱসাগৰত মুঠ ১১২৪টা গাহৰিৰ মৃত্যু হৈছে। ধেমাজিত ৬১৬টা আৰু ডিব্ৰুগড়ত ১০৭টা গাহৰিৰ মৃত্যু হৈছে।
‘গাহৰিৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা নাই। বিগত সময়ছোৱাত ৫ জনীয়া চিকিত্সকৰ দল পঠিয়াইছিলো জিলাসমূহত। নমুনাসমূহ অনা হৈছে। নমুনাসমূহ পৰীক্ষাৰ বাবে ভূপাললৈ পঠিওৱাৰ সিদ্ধান্ত লৈছো। ভূপালৰ লেবৰেটৰীৰ পৰা পৰীক্ষাৰ ফলাফল আহিলেহে ক’ব পাৰিম।’- সংবাদমেলত এই কথা জনালে অতুল বৰাই। আজি মুখ্যমন্ত্ৰীৰ সৈতেও এই বিষয়ে আলোচনা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰকো জনাইছো।
‘আজিৰে পৰা গাহৰীৰ বেচা কিনা নিষিদ্ধ ৰাজ্যত, বিশেষজ্ঞৰ নিৰ্দেশ নহালৈকে বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস।’- সংবাদমেলত এই ঘোষণা বৰাৰ।
Photo Credit: MLive.com