ৰাজ্যত গাহৰিৰ বিক্ৰীত নিষেধাজ্ঞা প্ৰত্যাহাৰ। নিৰ্দিষ্ট কণ্টেইনমেণ্ট জ’নৰ বাহিৰে আন স্থানত বিক্ৰী কৰিব পাৰিব গাহৰিৰ মাংস। আন্তঃজিলা আৰু আন্তঃৰাজ্যিক কিনা-বেচা কৰিব নোৱাৰিব। এই ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ। ৰাজ্যত আফ্ৰিকান চোৱাইন ফিভাৰত ১৫,৮৬৭টা গাহৰিৰ মৃত্যু হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত ফ্লুৰ প্ৰাদুৰ্ভাৱ পোৱা গৈছিল। এই ফ্লুৰ কাৰণে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
বিভাগে লোৱা তৎপৰতাৰ বাবে অধিক সংক্ৰমণ হোৱা নাই। ঘৰচীয়াৰ পৰা বনৰীয়া গাহৰি সংক্ৰমিত হ’ব নোৱাৰাৰ বাবে বন বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰাও সহায় সহযোগিতা পাইছো। জিলা প্ৰশাসন আৰু পশুপালকসকলেও দায়িত্বসহকাৰে কাম কৰিছে। যদি আক্ৰান্ত গাহৰি মাৰি পেলাবলগীয়া হয় তেন্তে ৫০% বহন কৰিব চৰকাৰে। বাকী ৫০% কেন্দ্ৰীয় চৰকাৰে দিব পাৰে, আমি আলোচনা কৰি আছো। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী বৰাই।
চৰকাৰে অসমৰ বিশ্বনাথ জিলাৰ বৰতামুলী গাঁও, ধেমাজি জিলাৰ পিপলগুৰী, শিৱসাগৰ জিলাৰ কটীয়ৰী, ভাটগছ, নিতাইপুখুৰী, খেলুৱৈ আৰু যোৰহাটৰ বৰমুকলি গাঁও কামৰূপ মহানগৰৰ গড়চুককে ধৰি মুঠ ৭টা আফ্ৰিকান চোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰিছে। অভিকেন্দ্ৰকেইটা ভূপালস্থিত উচ্চ সুৰক্ষাযুক্ত পশুৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰৰ পৰা পোৱা ফলাফলৰ ভিত্তিত নিৰ্ধাৰণ কৰিছে।
অভিকেন্দ্ৰ কেইটাৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক আক্ৰান্ত এলেকা আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক নিৰীক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হ’ব। এই এলেকাসমূহত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে। উল্লেখ্য যে ২৫ এপ্ৰিলৰ পৰা ৰাজ্যত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল।
Photo credit: Jo Cooks