25 C
Guwahati
Wednesday, October 20, 2021
More

    ৰূপম ভূঞাৰ পত্নীৰ বিয়োগ;পুত্ৰ সন্তান জন্ম দি চিৰকাললৈ চকু মুদিলে মানশ্ৰীয়ে

    এই দুঃখবৰে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক

    জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ বিয়োগ। এই দুঃখবৰে মৰ্মাহত কৰিছে তেওঁৰ অনুৰাগীসকলক। বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এটি পুত্ৰ সন্তান জন্ম দিছিল ৰূপম ভূঞাৰ পত্নী মানশ্ৰী বৰুৱাই। এই সুখবৰটো ৰূপম ভূঞাই ছচিয়েল মিডিয়াৰ জৰিয়তে সকলোকে জনাইছিল।মূহুৰ্তৰ ভিতৰতে ৰূপম ভূঞাক শুভকামানৰে উপচাই পেলাইছিল প্ৰতিজন অনুৰাগী তথা শুভাকাংক্ষীয়ে।

    এটি কন্যা সন্তানো আছে ৰূপম-মানশ্ৰীৰ সংসাৰত

    কিন্তু এয়া আছিল ক্ষণিকৰ সুখ। নিষ্ঠুৰ নিয়তিৰ পৰিহাস। কিছু সময়ৰ পিছতে আহিল দুঃখবৰটো। সন্তান জন্ম দি মৃত্যুক আঁকোৱালি ল’লে ৰূপম পত্নী মানশ্ৰীয়ে। এই দুঃখবৰে সকলোকে কন্দুৱাইছে। ৰূপম ভূঞা তথা শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জনাইছে গুণমুগ্ধসকলে।

    Photo Credit: Facebook

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং