21 C
Guwahati
Friday, December 2, 2022
More

    তামোল-পানৰ দোকান দিয়া পৰিয়ালৰ কন্যাই আজুৰিলে সফলতা; কলা শাখাত চতুৰ্থ স্থান দখল জুলী বৈশ্যৰ

    জুলীয়ে সৰ্বমুঠ নম্বৰ পাইছে ৪৭২। ৰামানুজন জুনিয়ৰ কলেজৰ পৰা অৱৰ্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী। এইবাৰৰ পৰীক্ষাৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ অধিক

    আজি পুৱা ৯ বজাত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল।

    অনলাইন যোগে ব্যতিক্ৰমী ৰূপত ঘোষণা কৰা হৈছে এইবাৰৰ ২০২০ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

    এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ২,৩৬,৮০৯ গৰাকী শিক্ষাৰ্থী।

    ইয়াৰ ভিতৰত কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৬৮গৰাকী। এইবাৰৰ পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈছে ৭৮.২৮ শতাংশ শিক্ষাৰ্থী।

    বাণিজ্য শাখাত ৮৮.১৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ৮৮.০৬ শতাংশ শিক্ষাৰ্থী।

    এইবাৰৰ পৰীক্ষাৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ অধিক। প্ৰতিটো শাখাতে শীৰ্ষ স্থানসমূহত স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাত্ৰীসকল।

    সেইদৰে তামোল-পানৰ দোকান দি পোহপাল দিয়া কন্যাই ৰাখিলে পিতৃ-মাতৃৰ মান।

    নুমলীগড়ৰ জুলী বৈশ্যই কলা শাখাত চতুৰ্থ স্থান দখল কৰি গৌৰৱ কঢ়িয়ালে।

    জুলীয়ে সৰ্বমুঠ নম্বৰ পাইছে ৪৭২। ৰামানুজন জুনিয়ৰ কলেজৰ পৰা অৱৰ্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী।

    তামোল পানৰ দোকান দি জুলীক মানুহ কৰাৰ সপোন দেখিছিল পিতৃ-মাতৃয়ে।

    নুমলীগড় শোধনাগাৰৰ নিলগৰ তেলগৰম গাঁৱৰ এটা অতিকৈ দৰিদ্ৰ পৰিয়াল।

    ৰোগীয়া মাতৃ আৰু তামোল পানৰ দোকান দিও সন্তানক মানুহ কৰাৰ সপোন দেখা পৰিয়ালটোৰ সপোন আজি বাস্তৱ হ’ল।

    জুলীৰ পিতৃৰ নাম তৰণী বৈশ্য আৰু মাতৃৰ নাম মঞ্জু বৈশ্য।

    জুলীৰ সাফল্যত উৎফুল্লিত গাঁওবাসী। ৰাইজৰ লগতে মৰঙি প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিলে জুলীক।

    Photo: Time8

    Input: Kishan Chetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং