22 C
Guwahati
Tuesday, November 23, 2021
More

    তামুলপুৰৰ পলোকাটাত পাগলাদিয়া নদীৰ ভয়ংকৰ গৰাখহনীয়া, চাৰিটাকৈ ঘৰ নৈৰ বুকুত বিলীন

    কৰ’ণাৰ সমান্তৰাল ভাৱে ৰাজ্যত বৰ্তমান বানেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

    বহুকেইখন জিলাৰ হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

    বানৰ লগে লগে অব্যাহত আছে গৰাখহনীয়াও ।

    তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পলোকাটা গাঁৱত পাগলাদিয়া নদীৰ তীব্ৰ গৰাখহনীয়াই গাওঁ খনলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ ।

    এই গৰাখহনীয়াৰ ফলতেই অঞ্চলটোৰ চাৰিটা পৰিয়ালৰ ঘৰ বাৰী বিলীন হ’ল নৈৰ বুকুত।

    নিজৰ ঘৰ বাৰী এনেদৰে নদীৰ গৰাখহনীয়াই নিশ্চিহ্ন কৰাৰ পিছতেই পৰিয়াল সমূহলৈ নামি আহিছে ঘোৰ অমানিশা ।
    ইয়াৰোপৰি গাওঁ খনৰ বহুকেইটা পৰিয়াল গৰাখহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা আছে।


    আনহাতে গাওঁ খনৰ কেইবাটাও পৰিয়ালৰ প্ৰায় ৩০ বিঘাকৈ কৃষি ভূমি নষ্ট হয় ।


    তাৰ পিছতেই এই দুৰ্ভগীয়া ৰাইজৰ খবৰ লবলৈ বুধবাৰে অঞ্চলটোত উপস্থিত হয় সাংসদ নৱ কুমাৰ শৰণীয়া ।

    ক্ষতিগ্ৰস্ত ৰাইজৰ সহায়ৰ বাবে বিভাগীয় কতৃপক্ষৰ লগত আলোচনা কৰি উচিত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে সাংসদ গৰাকীয়ে।

    photo credit :Abhijit talukdar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং