26 C
Guwahati
Thursday, June 30, 2022
More

    কাশ্মীৰৰ ৫জন নেতাক মুকলি, অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছৰে পৰা আছিল জিম্মাত

    সূত্ৰ অনুসৰি মুকলি কৰি দিয়া নেতাকেইজনৰ ভিতৰত আছে ইছফাক জব্বৰ আৰু গুলাম নবী ভাট, বছীৰ মীৰ আৰু জহুৰ মীৰ ওপৰি যাছিৰ ৰেছী

    জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰায় ৫ মাহৰ পিছত আৰু ৫জন নেতাক মুকলি কৰি দিছে। মুকলি কৰি দিয়া নেতাকেইজনৰ ভিতৰত PDPৰ ২জন প্ৰাক্তন বিধায়ক আৰু National conferenceৰ ২জন প্ৰাক্তন বিধায়কৰ ওপৰি এজন নিৰ্দলীয় বিধায়ক।

    মুকলি কৰি দিয়া আটাইকেইজন নেতাক অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছৰে পৰা জিম্মাত লোৱা হৈছিল। সূত্ৰ অনুসৰি মুকলি কৰি দিয়া নেতাকেইজনৰ ভিতৰত আছে ইছফাক জব্বৰ আৰু গুলাম নবী ভাট, বছীৰ মীৰ আৰু জহুৰ মীৰ ওপৰি যাছিৰ ৰেছী।

    কিন্তু এতিয়াও জিম্মাত আছে কাশ্মীৰৰ ৩জন বিশিষ্ট নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী নেচনেল কনফাৰেঞ্চৰ অধ্যক্ষ ফাৰুক আব্দুলা, তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লা আৰু PDPৰ প্ৰধান মেহবুবা মুফ্টী এতিয়াও আছে জিম্মাত। কেতিয়ালৈ এইকেইজন নেতাৰ মুকলি হ’ব এই সন্দৰ্ভত কোনোধৰণৰ তথ্য প্ৰকাশ পোৱা নাই।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং