30 C
Guwahati
Tuesday, September 27, 2022
More

    ট্ৰাক, ডাম্পাৰৰ পৰা টকা সংগ্ৰহ কৰা মহিলা আৰক্ষীক নিলম্বন!

    বিভিন্ন সময়ত শিল, বালি কঢ়িওৱা ট্ৰাক আৰু পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে। ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল কোনো লোকে আৰু সেই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত

    অৱশেষত নিলম্বিত হ’ল বৰঝাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চেহনাজ য়াছমিন। চাকৰিত ক্ৰুটি আৰু বিফলতা থকাৰ কথা উল্লেখ কৰি নিলম্বন কৰিলে আৰক্ষী বিষয়াগৰাকীক। পত্ৰত তেনেদৰে উল্লেখ কৰাৰ উপৰিও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আছে আন বহু গুৰুতৰ অভিযোগ।

    উল্লেখ্য যে বিভিন্ন সময়ত শিল, বালি কঢ়িওৱা ট্ৰাক আৰু পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে। ধন সংগ্ৰহৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল কোনো লোকে আৰু সেই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত আৰু অৱশেষত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই ল’লে চেহনাজ য়াছমিনক নিলম্বনৰ সিদ্ধান্ত। বিভিন্ন অভিযোগৰ বাবে আৰক্ষী বিষয়াগৰাকীক উৰ্ধ্বতম কৰ্তৃপক্ষই সকীয়নি দি আহিছিল যদিও কোনো কাণসাৰ নকৰাকৈয়ে নিজ ইচ্ছা মতে কাম কৰি গৈছিল চেহনাজ য়াছমিনে।

    Photo : Dulan Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং