23.7 C
Guwahati
Thursday, October 6, 2022
More

    নগাঁৱত আৰক্ষী বিষয়াক হাত-ভৰি বান্ধি,চুলি কাটি মৰেল পুলিচৰ নিৰ্যাতন

    নগাঁও জিলাৰ ৰহাৰ সৰিয়হতলী মিলনপুৰ গাঁৱত শুক্ৰবাৰে এক পাৰিবাৰিক ঘটনাৰ তদন্তত যোৱা আৰক্ষীক একাংশ উদণ্ড লোকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এজন অসহায় আৰক্ষী বিষয়াক ৰচীৰে বান্ধি, চুলি কাটিলে।

    ঘটনা অনুসৰি ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁৰ হীৰকজ্যোতি নাথ নামৰ যুৱকজনে গোপনে বিয়া কৰিছিল ৰহাৰ মাগুৰগাঁৱৰ কৃষ্ণ নাথৰ কন্যা মৌচুমী দেৱীক।অভিযোগ অনুসৰি  বিয়াৰ এবছৰৰ পিচৰে পৰা হীৰক আৰু মাতৃ ৰীণা দেৱীয়ে মৌচুমীৰ ওপৰত নানাধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। উপায়ন্তৰ হৈ মৌচুমীৰ পিতৃ কৃষ্ণ নাথে চাপৰমুখ আৰক্ষী চকীত  দাখিল কৰিছিল এজাহাৰ। তাৰ ভিত্তিতে শুক্ৰবাৰে চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাই দুজন কনিষ্টবলক লগত লৈ মিলনপুৰৰ হীৰকজ্যোতিৰ ঘৰত উপস্থিত হৈছিল।

    কিন্তু একাংশ পুৰুষ-মহিলাই আৰক্ষী বিষয়া প্ৰফুল্ল বৰাই মদ্যপান কৰি মহিলাৰ ওপৰত হাত দিয়াৰ অভিযোগ তুলি হাতে-ভৰিৰে বান্ধি প্ৰহাৰ কৰাৰ লগতে একাংশ মহিলাই আৰক্ষী বিষয়াগৰাকীৰ চুলি কেঁচীৰে কাটি দিয়ে। উন্মত্ত  লোকসকলে লগত যোৱা কনিষ্টবলকো আক্ৰমণ কৰে। পিচত ৰহা থানাৰ আন এটা আৰক্ষী দল গৈ আটাইকে উদ্ধাৰ কৰি আনি গুৰুতৰভাৱে আহত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পিছে বিষয়াজনৰ উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়।

    কিন্তু স্থানীয় ৰাইজৰ ভাষ্যৰ বিপৰীতে  প্ৰত্যক্ষদৰ্শীৰ মতে, তদন্তকাৰী আৰক্ষী বিষয়াক আক্ৰমণ কৰিছিল স্বামীৰ-শাহুৱেক আৰু একাংশ উন্মত্তলোকে। ইপিনে ৰহাৰ সৰিয়হতলী মিলনপুৰ গাঁৱত তদন্তত যোৱা চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক মৰেল পুলিচে কৰা শাৰীৰিক অপদস্থৰ সম্পৰ্কত শনিবাৰে এক সংবাদমেল দিয়ে নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে।

    ৰহাৰ সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৃষ্ণ নাথ নামৰ লোকজনৰ অভিযোগৰ ভিত্তিত তদন্ত কৰিবলৈ দুজন কনিষ্টবল লৈ মিলনপুৰলৈ গৈছিল।কিন্তু অভিযুক্ত হীৰকজ্যোতি নাথৰ লগতে মাতৃ, ভগ্নী আৰু একাংশ লোকে অসহায় আৰক্ষী বিষয়াগৰাকীক প্ৰহাৰ কৰি চুলি পৰ্যন্ত কাটি দিয়ে ।

    মৰেল পুলিচৰ ঘটনাৰ সম্পৰ্কত ইতিমধ্যে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৰহা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে হীৰকৰ মাতৃ ৰীণা দেৱী, জ্যেষ্ঠ ভগ্নী চুম্পী দেৱী, ভিনিয়েক আনন্দ নাথ আৰু স্থানীয় প্ৰহ্লাদ নাথ। হীৰক জ্যোতি নাথ বৰ্তমান পলাতক৷ইপিনে একাংশ লোকৰ মতে আৰক্ষী বিষয়াগৰাকী সুৰামত্ত হৈ আছিল। কিন্তু এই অভিযোগ খণ্ডন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকে অভিযুক্তই নিজৰ অপৰাধ ঢাকিবলৈয়ে এনে অভিযোগ অনা বুলি মন্তব্য কৰে।

    Input:@rupjyotibhuyan & @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং