33 C
Guwahati
Wednesday, September 28, 2022
More

    ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ চিপ লৈ আত্মহত্যা, ধুবুৰীত চাঞ্চল্য

    বিষয়াগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    ধুবুৰীৰ বন্দিহানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যত আৰু এগৰাকী আৰক্ষীয়ে কৰিলে আত্মহত্যা। এইবাৰ ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীত এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ আত্মহত্যা। আৰক্ষী নিবাসৰ এখন পৰিত্যক্ত শৌচাগাৰত নিশা চিপ লৈ আত্মহত্যা কৰে খনিন্দ্র চন্দ্ৰ ৰায় নামৰ আৰক্ষী বিষয়াগৰাকীয়ে।

    আজি পুৱাৰ ভাগত আৰক্ষী চকীৰ এজন জোৱানে চিপ লোৱা প্ৰত্যক্ষ কৰে আৰক্ষী বিষয়াগৰাকীক আৰু লগে লগে জিলা প্ৰশাসনক অৱগত কৰে।

    দুপৰীয়া ১ বজাত বন্দিহানাত উপস্থিত হয় দক্ষিণ শালমৰা মানকাচৰ জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শ‌ইকীয়া, আৰক্ষী চক্ৰ বিষয়া আবুল কালাম আজাদ, ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। বিষয়াগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

    Photo Credit: m.economictimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং