25 C
Guwahati
Thursday, October 21, 2021
More

    হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ ২ জোৱান

    আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত জোৱান অতুল বনিয়া আৰু উদালি পহৰা চকীত নিয়োজিত জোৱান আফজল হুছেইনক নিলম্বন

    মাৰ নোযোৱা হৈছে অসম আৰক্ষীয়ে কৰা কু-কাণ্ডৰ ঘটনা। এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড। এইবাৰ এই ঘটনা সংঘটিত হৈছে হোজাইত। হোজাই শংকৰদেৱ নগৰ আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত জোৱান অতুল বনিয়া আৰু উদালি পহৰা চকীত নিয়োজিত জোৱান আফজল হুছেইনক নিলম্বন। দুয়োগৰাকী আৰক্ষী জোৱানে পৃথকে পৃথকে পাৰপত্ৰৰ নথি নিৰীক্ষণৰ নামত আবেদনকাৰীৰ পৰা লৈছিল উৎকোচ।

    আৰক্ষী জোৱানে উৎকোচ লোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাবৱীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ২ জোৱানক নিলম্বন কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং