খাকী পোছাকত দাগ লগালে আৰু এজন আৰক্ষীয়ে। নলবাৰীত ডকাইতক অস্ত্ৰ যোগান ধৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ মনোজ বৰ্মন নামৰ এজন কনিষ্টবলক।
উল্লেখ্য যে ২১ আগষ্টৰ নিশা ১০ লাখ টকীয়া এটা 9 MM পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেল ডিপোকে ধৰি বিভিন্ন স্থানত লুটপাত চলোৱা নুৰুল হুছেইন আৰু জাকিৰ হুছেইন নামৰ দুই ডকাইতক আৰু এই ডকাইত দুটাক মনোজ বৰ্মন নামৰ আৰক্ষী কনিষ্টবলজনে যোগান ধৰিছিল পিষ্টলটো। এই অভিযোগৰ ভিত্তিত মনোজ বৰ্মনক গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰি ৫ দিনৰ বাবে নিজৰ জিম্মাত লয় আৰক্ষীয়ে।