স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি মহানগৰীত সম্পূৰ্ণ লকডাউন ঘোষণাৰ পিছতে আজি লকডাউনৰ গাইডলাইন সন্দৰ্ভত আৰক্ষী আয়ুক্তই এক সংবাদমেল আয়োজন কৰে।
মহানগৰ আৰক্ষী চাউনীত আয়োজন কৰা এই সংবাদমেল খনত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই আগবঢ়াই বহু নিৰ্দেশনা।
এইবাৰৰ লকডাউন কঠোৰ হব, লগতে কঠোৰ হাতেৰে দমন কৰা হ’ব লক ডাউন ভংগকাৰীক। লকডাউন ভংগ কৰিলে আইন মতে শাস্তিয়ো লাভ কৰিব।
লক-ডাউন ভংগ কাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হ’ব।
এই লকডাউনৰ সময়ত মহানগৰীত কেৱল ১০ শতাংশ বেংক হে খোলা ৰাখিব পাৰিব।
বেংক কতৃপৰ্ক্ষই নিজে সিদ্ধান্ত ল’ব কোন কেইটা শাখা খুলিব। লগতে বেংক কতৃপৰ্ক্ষই বেংক কৰ্মচাৰীৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰিব লাগিব।
আনহাতে আহ-যাহৰ ক্ষেত্ৰত আছে সম্পূৰ্ণ নিষিদ্ধতা। কেৱল ৰে’ল আৰু বিমান যাত্ৰী সকলে নিজৰ টিকত দেখুৱাইহে সোমাহ পাৰিব গুৱাহাটীত।
লগতে চিকিৎসাৰ বাবে আহিলেও চিকিৎসকৰ সম্পুৰ্ণ অনুমতি। চিকিৎসা সেৱাৰ সৈতে জড়িত লোকে পাৰিব আহ যাহ কৰিব।
ইয়াৰ বাহিৰেও সকলো তেল দিপো খুলিব নোৱাৰিব। প্ৰশাসনে ইয়াৰ বাবে তালিতা প্ৰকাশ কৰিব।
সেই তালিকা অনুসৰি হে গুৱাহাটীৰ কিছু কিছু ঠাইত খুলিব পাৰিব তেলৰ দিপো।
ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো ভয় কৰিবলগীয়া নাই। গেছ এজেঞ্চী সমূহে ঘৰে ঘৰে যোগান ধৰিব লাগিব চিলিণ্ডাৰ।
সেয়ে ভয় নকৰি লকডাইন পালন কৰিবলৈ মহানগৰবাসীক আহ্বান আৰক্ষী আয়ুক্তৰ।