চিৰাঙত আৰক্ষীৰ বৰ্বৰতা। সোমবাৰে সন্ধিয়া আমটেকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে আৰক্ষীয়ে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক আঠু কঢ়াই লাঠিৰে প্ৰহাৰ কৰে। ঘটনাটোত আহত চিকিৎসক মাধুৰ্য্য কাকতি, গাণনিক নিতু দাস আৰু ফাৰ্মাচিষ্ট ৰাজু বড়ো। আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰ চন্দ্ৰ দলে, কয়লা ময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীয়ে কমাণ্ড লৈ চিকিৎসা কৰ্মীসকলক মাৰপিট কৰাৰ লগতে কানত ধৰাই উঠা বহাও কৰায়।
আৰক্ষীৰ আক্ৰমণত আহত তিনিওজনকে চিকিৎসাৰ বাবে জিলা সদৰ কাজলগাঁৱৰ চিকিৎসালয় লৈ আহোতে আৰক্ষীয়ে বাধা দিয়ে। পথতে আমগুৰী থানাত আৱদ্ধ কৰিছে এম্বুলেঞ্চসহ আহত তিনিওকে। আৰক্ষীৰ কাণ্ডত জিলাখনৰ স্বাস্থ্য বিভাগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। আমগুৰি থানাত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীয়ে এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰে। ঘটনাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্বাস্থ্য খণ্ডত ব্যাপক প্ৰতিবাদ। ২৪ ঘণ্টাৰ পিছতে আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে। দোষী আৰক্ষীক শাস্তি দিয়াৰ দাবী।