25 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ’ল আৰক্ষী

    পিছ নিজে পতা জালত নিজেই লাগি ধৰে ধৃত আৰক্ষী বিষয়াজন

    নলবাৰীত সমুখলৈ আহিছে এক অতি হাস্যকৰ ঘটনা। আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ’ল আন এগৰাকী আৰক্ষী। ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল আৰক্ষী চাইফুদ্দিন আহমেদ। দুই নম্বৰী ধন ঘটাৰ আশাত এতিয়া ৰঙা ঘৰৰ আলহী আৰক্ষী বিষয়া জন।

    ধৃত চাইফুদ্দিন আহমেদে বিভিন্ন সময়ত বিভিন্ন লোকৰ পৰা ধন দাবী কৰি আহিছিল। নিজকে চি আই ডি অফিচাৰ বুলি চিনাকি দি কৰি আহিছিল এইদৰে ধনৰ দাবী।

    কিছুদিন পূৰ্বে ধমধমাৰ আইনুদ্দিন আহমেদ নামৰ এজন ব্যৱসায়ীক গোচৰ ৰুজু হোৱা বুলি ফোন কৰি ধন দাবী কৰে। পিছ নিজে পতা জালত নিজেই লাগি ধৰে ধৃত আৰক্ষী বিষয়াজন। অৱশেষত দাবী কৰা ধন নিবলৈ আহি ভুক্তভোগী আইনুদ্দিন আহমেদৰ এজাহাৰৰ ভিত্তিত নলবাৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’য় আৰক্ষী চাইফুদ্দিন আহমেদ।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং