12.5 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: অৱশেষত আৰক্ষীৰ জালত হ’নি ট্ৰেপিং চক্ৰৰ অন্যতম খলনায়িকা য়াছমিন বেগম

    মহিলাগৰাকীৰ স্বামীয়ো হ'নি ট্ৰেপিঙৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ ইতিমধ্যে শিৱসাগৰ কাৰাগাৰত আছে

    অৱশেষত আৰক্ষীৰ জালত পৰিল উজনি অসমৰ সক্ৰিয় হ’নি ট্ৰেপিং চক্ৰৰ অন্যতম খলনায়িকা য়াছমিন বেগম ওৰফে চাবিনা।কেইবাটাও হ’নি ট্ৰেপিঙৰ ঘটনাৰ লগত জড়িত মহিলাগৰাকী যোৰহাটত গ্ৰেপ্তাৰ। সোমবাৰে নিশাৰ ভাগত শিৱসাগৰ আৰক্ষীয়ে যোৰহাটৰ জেইলৰোডৰ এটা ভাড়াঘৰৰ পৰা যোৰহাট আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক।

    শিৱসাগৰত ৰুজু হৈ থকা ১৬১/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ স্বামীয়ো হ’নি ট্ৰেপিঙৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ ইতিমধ্যে শিৱসাগৰ কাৰাগাৰত আছে। আৰক্ষীয়ে চাবিনাক আজি শিৱসাগৰ আদালতত হাজিৰ কৰায়। আদালতে চাবিনাক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। বিগত কেইবাবছৰ ধৰি উজনিত গা কৰি উঠা এটা বৃহৎ হ’নি ট্ৰেপিঙ চক্ৰৰ লগত জড়িত চাবিনা।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং