16 C
Guwahati
Thursday, January 13, 2022
More

    অবৈধ ধন লৈ লখিমপুৰ আৰক্ষীৰ হাতত আটক PMGYৰ দিল্লীৰ এজন উচ্চপদস্থ বিষয়া

    AJYCP, হিন্দু যুৱ পৰিষদ, মাছ আদি বহু কেইটা সংগঠনৰ কৰ্মীয়ে মেপ'ল লীফ হোটেলত নিশা ধনৰ লেনদেনৰ সময়ত ধৰা পেলায় এই PMGYৰ দিল্লীস্থ বিষয়াগৰাকীক

    মাজনিশা ধন লৈ লখিমপুৰ আৰক্ষীৰ হাতত আটক PMGYৰ দিল্লীৰ এজন উচ্চপদস্থ বিষয়া। PMGY ৰ national quality monitor হিচাপে দিল্লীৰ পৰা আহি সুৰেশ শৰ্মাই লখিমপুৰস্থ মেপ’ল লীফ হোটেলত বাহৰ পাতি আছিল তিনি দিন। অভিযোগ অনুসৰি বিগত দিন কেইটাত সুৰেশ শৰ্মা নামৰ এই বিষয়াগৰাকীয়ে হোটেলতে বাহৰ পাতি মানদণ্ড নিৰূপণ কৰিছিল PMGY আঁচনি সমূহৰ কাম কাজৰ।ব্যাপক ধনৰ লেনদেন কৰি আছিল বিভিন্ন ঠিকাদাৰসকলৰ লগত। মাজনিশা আৰক্ষীৰ জালত পৰিল দিল্লীস্থ তদাৰকী বিষয়া সুৰেশ শৰ্মা।

    AJYCP, হিন্দু যুৱ পৰিষদ, মাছ আদি বহু কেইটা সংগঠনৰ কৰ্মীয়ে মেপ’ল লীফ হোটেলত নিশা ধনৰ লেনদেনৰ সময়ত ধৰা পেলায় এই PMGYৰ দিল্লীস্থ বিষয়াগৰাকীক।পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াত লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে খামত থকা ৭৫ হাজাৰ টকাৰ এটা বাণ্ডিলসহ আটক কৰে এই সুৰেশ শৰ্মাক।

    সম্প্ৰতি লখিমপুৰ আৰক্ষীয়ে সোধপোছৰ বাবে সদৰ থানাত ৰাখিছে national quality monitor সুৰেশ শৰ্মাক। সুৰেশ শৰ্মাৰ লগতে লখিমপুৰ গড়কাপ্তানি বিভাগৰ আন কেইবাগৰাকী অভিযন্তাও জড়িত থকাৰ অভিযোগ উত্থাপিত আটকাধীন সুৰেশ শৰ্মাৰ মুখত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং