জনতা কাৰ্ফিউৰ প্ৰতি দেশবাসীয়ে জনোৱা সমৰ্থনক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউলৈ সমগ্ৰ দেশবাসীৰ বিপুল সহযোগিতা দেখি প্ৰধানমন্ত্ৰীয়ে আহ্লাদিত হৈ টুইটাৰ যোগে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
ইফালে বিয়লি ৫ বজাত ঘৰে ঘৰে, মন্দিৰে, নামঘৰে বাজি উঠা ডবা, শংখ, কাঁহ, হাতচাপৰিৰ উপৰিও তাল, বাচন বজাইয়ো প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সকলোৱে সঁহাৰি জনাই কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে একত্ৰিত হোৱাৰ লগতে সেইসকল লোকক ধন্যবাদ জ্ঞাপন কৰে যিসকলে অহৰ্নিশে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুুঁজ দি জনমংগল সূচনা কৰাৰ সৃষ্টি কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে ধন্যবাদ দি লিখে- ”এয়া ধন্যবাদৰ ধ্বনি। দেশবাসীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।এয়া এক আৰম্ভণি এক দীঘলীয়া যুঁজত বিজয়ী হোৱাৰ। আহক এতিয়াৰে পৰা এই যুঁজত জিকিবৰ বাবে নিজক সাজু কৰো।”
Photo Credit: Business Today