32 C
Guwahati
Wednesday, October 5, 2022
More

    নৰেন্দ্ৰ মোদীয়েই বিশ্বৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যাক টুইটাৰত ফল’ কৰে হোৱাইট হাউছে

    মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু পোপ ফ্ৰান্সিছৰ পিছতেই টুইটাৰত সৰ্বাধিক ফল’ৱাৰ থকা ব্যক্তিগৰাকীয়েই হ'ল নৰেন্দ্ৰ মোদী

    নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ একমাত্ৰ প্ৰধানমন্ত্ৰী যাক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউছৰ টুইটাৰত ফল’ কৰা হৈছে। টুইটাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কাৰ্যালয় হোৱাইট হাউছৰ ফল’ৱাৰছ ২১.৫ মিলিয়ন। আনহাতে হোৱাইট হাউছে ফল’ কৰে মাত্ৰ ১৯টা একাউণ্টকহে। হোৱাইট হাউছে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত একাউণ্টৰ উপৰি প্ৰধানমন্ত্ৰীৰ চৰকাৰী একাউণ্ট পি এম অ’ ইণ্ডিয়াকো ফল’ কৰে।

    উল্লেখ্য যে হোৱাইট হাউছৰ পৰা প্ৰধানমন্ত্ৰী মোদীক টুইটাৰযোগে ফল’ কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো ফল’ কৰি আহিছে।মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু পোপ ফ্ৰান্সিছৰ পিছতেই টুইটাৰত সৰ্বাধিক ফল’ৱাৰ থকা ব্যক্তিগৰাকীয়েই হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং