25 C
Guwahati
Wednesday, October 20, 2021
More

    আজি দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ ‘ধন্যবাদ ৰেলী’; দিল্লী বিধানসভা নিৰ্বাচনৰো বজাব দুন্দুভি

    কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে মোডীৰ 'ধন্যবাদ ৰেলী' বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে

    সমগ্ৰ দেশতে কা বিৰোধী উত্তাল প্ৰতিবাদ-আন্দোলন সাব্যস্ত হৈ থকাৰ সময়তে আজি দিনৰ ১১ বজাত দিল্লীৰ ৰামলীলা মৈদানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন বিশাল জনসভা সম্বোধন কৰিব।

    ‘ধন্যবাদ ৰেলী’ নাম দিয়া হৈছে এই জনসভাৰ। কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে মোডীৰ ‘ধন্যবাদ ৰেলী’ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

    ইয়াত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, NDAৰ সহযোগী দলৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। ‘ধন্যবাদ ৰেলী’ৰ বাবে অতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। জনসভাখনতেই আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰো দুন্দুভি বজাব বিজেপিয়ে।

    Photo Credit: The Indian Express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং