22 C
Guwahati
Wednesday, January 26, 2022
More

    কৰ’ণা আতংকঃ ২২ মাৰ্চত পুৱা ৭ বজাৰ পৰা ৯ বজালৈ জনতাৰ কাৰ্ফিউৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

    সকলোৰে মংগলৰ বাবে জনতাই নিজে কাৰ্ফিউ লগাব লাগিব। এই সংকট দূৰ কৰিবলৈ সকলোৰে সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

    এতিয়া বিশ্বৰ প্ৰতিখন দেশতে এতিয়া কেৱল কৰ’ণা আতংক। ২২ মাৰ্চৰ দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ সকলো দেশবাসীক জনতাৰ কাৰ্ফিউ লগাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।দেশবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ অসমবাসীক আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে দেশবসীক উদ্দেশ্যি কৈছে নিজে সংক্ৰমণৰ পৰা বাচিব লাগিব আৰু আন জনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব।

    এই মহামাৰীৰ পৰা বাচিবলৈ ধৈৰ্য্য ধৰিব লাগিব প্ৰথমতে ভিৰৰ পৰা বাচিব লাগিব। যিহেতু ইয়াৰ কোনো প্ৰতিষেধক নাই গতিকে জন সমাগমলৈ যাব নালাগে। লগতে জ্যেষ্ঠ নাগৰিক আৰু শিশু যাতে ঘৰৰ পৰা বাহিৰলৈ নাযায়। অপ্ৰয়োজনত কোনো মানুহ ঘৰৰ বাহিৰলৈ যাব নালাগে।

    সকলোৰে মংগলৰ বাবে জনতাই নিজে কাৰ্ফিউ লগাব লাগিব। এই সংকট দূৰ কৰিবলৈ সকলোৰে সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।এই প্ৰয়াস দেশক সুৰক্ষিত কৰাৰ এক প্ৰতীক হিচাপে গণ্য হ’ব বুলি জনাইছে মোদীয়ে।

    Photo Credit: arunachal24.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং