27 C
Guwahati
Wednesday, October 13, 2021
More

    ৰাজ্যৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট; অসমীয়াতে কৰিলে টুইট

    CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে

    নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰে পৰা উত্তপ্ত হৈ পৰিছে অসম। প্ৰথমে লোকসভাত তাৰ পিছত ৰাজ্যসভাত গৃহীত হ’ল কেব। বুধবাৰে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। ৰাজ্যৰ চৌদিশে উঠিছে এতিয়া প্ৰতিবাদৰ ঢৌ। বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীটো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

    মহানগৰীৰ ঠায়ে ঠায়ে প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰে লাঠী, কন্দুৱা গেছ, পানীৰ লগত ৰৱৰ বুলেট। জি এছ ৰোড, জু ৰোড, ফাঁচীবজাৰ, গণেশগুৰি, দিছপুৰৰ দৰে গুৱাহাটীৰ বিভিন্ন স্থানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেইবাখনো জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। গুৱাহাটী আৰু ডিব্ৰুগড়ত ১৪৪ ধাৰা আৰু সেনাৰ ফ্লেগমাৰ্চ। বৰ্তমানেও উত্তপ্ত হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।

    CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

    নৰেন্দ্ৰ মোদীয়ে টুইটাৰত অসমীয়া ভাষাৰে কৰিলে টুইট। মোদীয়ে টুইটাৰত লিখিলে যে, ‘অসমৰ ভাতৃ-ভগ্নীসকলক মই আশ্বাস দিছোঁ – CAB গৃহীত হোৱাৰ পিছত আপোনালোক অলপো শংকিত হ’ব নালাগে। আপোনালোকৰ অধিকাৰ, সুকীয়া পৰিচয় আৰু বাৰেবৰণীয়া সংস্কৃতি কোনোৱেই কাঢ়ি নিব নোৱাৰে। এয়া সদায়েই জিলিকি থাকিব আৰু প্ৰসাৰিত হ’ব।

    টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস প্ৰদান কৰি লিখিছে – ‘অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং