গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বায়ু সেনাৰ বিশেষ বিমানেৰে বৰঝাৰত উপস্থিত হোৱা মোদীক আদৰণি জনালে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হাজাৰ হাজাৰ বাছ, ৰে’লেৰেও আহিছে মানুহ মোদীক আদৰিবলৈ।

হিমন্ত বিশ্ব শৰ্মা, বিজয়া চক্ৰৱৰ্তী, কুইন ওজা, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্তকে ধৰি শীৰ্ষস্থানীয়ে নেতা উপস্থিত বৰঝাৰ বিমান বন্দৰত। BTR চুক্তিৰ বিজয় উল্লাহ অনুষ্ঠানত অংশ ল’বলৈ কোকৰাঝাৰলৈ ৰাওনা হ’ব মোদী।
বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্তাৰযোগে পোনে পোনে যাব কোকৰাঝাৰলৈ। তাৰ পূৰ্বে বৰঝাৰতে অবড়ো সংগঠনৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।