29 C
Guwahati
Monday, October 25, 2021
More

    নাছিল চাকি, আটা-ময়দাৰ সংমিশ্ৰণত তৈয়াৰী চাকি জ্বলাই দিল্লীত প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি অসমীয়া যুৱকৰ

    দেশৰ ১৩০ কোটি ভাৰতীয় একত্ৰিত হৈ কৰ’ণাৰ বিৰুদ্ধে একমহাশক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী মোদীয়ে জনাইছিল বিশেষ আহ্বান

    ৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে সমগ্ৰ ভাৰতক পোহৰেৰে উজ্বলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি দেশৰ জনসাধাৰণে জনালে ব্যাপক সঁহাৰি। ৯ বজাৰ লগে লগেই ঘৰৰ লাইট নুমুৱাই চাকি-বন্তি,মমবাতি,মোবাইল ফোনৰ ফ্লেশ্বলাইট অন কৰি কৰ’ণা ভাইৰাছে নমাই অনা কালনিশা দূৰ কৰিবলৈ দেশবাসীয়ে কৰিলে পোহৰৰ আৱাহন। দেশৰ ১৩০ কোটি ভাৰতীয় একত্ৰিত হৈ কৰ’ণাৰ বিৰুদ্ধে একমহাশক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে এই আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰীৰ এই আহ্বান সফল কৰি তুলিলে প্ৰতিজন সচেতন নাগৰিকে।

    ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ এজন অসমীয়া যুৱকে আটা-ময়দাৰ সংমিশ্ৰণত ঘৰতে সাজি উলিয়ালে চাকি। কৰ্মসূত্ৰে দিল্লী নিৱাসী ঋতুৰাজ ডেকা নামৰ গুৱাহাটীৰ যুৱকজনে আটা-ময়দাৰ সংমিশ্ৰণত তৈয়াৰী চাকি জ্বলাই বিশ্বৰ কুশল কামনাৰ্থে জনালে প্ৰাৰ্থনা।

    নিজা ফেচবুক একাউণ্টত এই বিশেষ চাকিৰ ফটো দি যুৱকজনে লিখিছে-”চাকি নাছিল, ঘৰৰ বাহিৰতো ওলাব নোৱাৰো, সেয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই আটা আৰু ময়দাৰ সংমিশ্ৰণৰে ঘৰতে তৈয়াৰী চাকি জ্বলালো! দেশৰ দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে আছো!”

    Photo Credit: Facebook

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং