28 C
Guwahati
Monday, September 26, 2022
More

    নিষিদ্ধ হ’ল প্লাষ্টিক! ৰাজ্য চৰকাৰৰ আগতীয়াকৈ তত্পৰতা

    সৰ্বানন্দ সোণোৱালৰ এক অনুষ্ঠানত প্লাষ্টিকৰ খোৱাপানীৰ বটলৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল কেটলী আৰু মাটিৰ গিলাচ

    প্লাষ্টিক মুক্তি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি বিভিন্নজনৰ সঁহাৰি। কাইলৈৰ পৰা দেশজুৰি নিষিদ্ধ হ’ব প্লাষ্টিক। প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতি আগতীয়াকৈ তত্পৰতা দেখা গ’ল জনতা ভৱনত। আজিৰে পৰাই জনতা ভৱনত নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক। ৫০ মাইক্ৰ’নৰ তলৰ প্লাষ্টিকৰ কেৰী বেগ, ডিচপ’জেবল পানীৰ বটল, ডিচপ’জেবল গ্লাচ, প্লেট, চামোচ, কাপ, ষ্ট্ৰ’, চচৰ পেকেট, থাৰ্ম’কলকে ধৰি বহু সামগ্ৰী নিষিদ্ধ কৰা হৈছে জনতা ভৱনত। কেৱল কাগজৰ কাপহে ব্যৱহাৰ হ’ব চৰকাৰী সভাত।

    বিশেষ দৃশ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠানত দেখা গ’ল কেটলী, মাটিৰ গিলাচ

    চৰকাৰী অনুষ্ঠানত আজিয়ে দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। এই দৃশ্য দেখা গ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক বিশেষ অনুষ্ঠানত। গুৱাহাটীৰ জজ খেলপথাৰৰ ভলীবল ক’চিং চেণ্টাৰত হোৱা স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত প্লাষ্টিকৰ খোৱাপানীৰ বটলৰ বিপৰীতে দেখিবলৈ পোৱা গ’ল কেটলী আৰু মাটিৰ গিলাচহে।

    উল্লেখযোগ্য যে স্বচ্ছ ভাৰতৰ জৰিয়তে এক গণ আন্দোলন গঢ়ি তোলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ সকলোকে আহ্বান জনাইছে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰিবলৈ। এইবছৰৰ গান্ধী জয়ন্তীৰ দিনটোৰে পৰা দেশবাসীক এই অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং