২ অক্টোবৰৰ পৰা ৰে’লত নিষিদ্ধ হ’ব একক ব্যৱহাৰ্য প্লাষ্টিক। ৰে’লৱে বিষয়া আৰু কৰ্মচাৰীয়েও ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিক। প্ৰদূষণ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে।
ব্যৱস্থা কৰা হ’ব প্লাষ্টিক বটল নষ্ট মেচিন। নষ্ট কৰা মেচিনত পেলাব লাগিব পুনৰ ব্যৱহাৰকৰণ প্লাষ্টিক বটল। ৰে’ল মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনা ৰে’লযাত্ৰীসকলে মানি চলে তাৰ ওপৰত চকু দিবলৈ ৰে’লৱেৰ সকলো ইউনিটক সতৰ্ক কৰি দিছে।
এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰী, যিবোৰৰ ঘনত্ব ৫০ মাইক্ৰ’নৰ কম, তেনে সামগ্ৰী এতিয়াৰ পৰা কোনো ৰে’ল যাত্ৰীয়ে কঢ়িয়াব নোৱাৰিব।