কামপুৰৰ আটিগাঁও কপিলী দলঙৰ তলত অবাঞ্চিত ঘটনা। যমুনামুখৰ নিকটৱৰ্তী আটিগাঁও কপিলী দলঙৰ তলত ৰহস্যজনকভাৱে পৰি থকা হস্তনিৰ্মিত ৪টা কাঠৰ বন্দুক, কেইবাযোৰো সেনাৰ পোছাক উদ্ধাৰ। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি।
যমুনামুখ আৰক্ষীৰ লগতে কামপুৰ আৰু কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সন্দেহ যোৱা নিশা কামপুৰৰ কচুৱাত সংঘটিত হোৱা ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা হৈছিল অস্ত্ৰখিনি আৰু সেনাৰ পোছাক কেইযোৰ।
Photo: Time8