34 C
Guwahati
Saturday, October 1, 2022
More

    কৰাচীৰ সমীপত বাছ-ৰে’লৰ খুন্দাত ২৯জন শিখ তীৰ্থযাত্ৰী নিহত; গেটবিহীন ৰে’লৱে ক্ৰছিঙৰ বাবে এই দুৰ্ঘটনা

    শুকুৰবাৰে পাকিস্তানৰ পঞ্জাৱত এখন মিনি বাছ আৰু এখন ৰে’লৰ মুখামুখি সংৰ্ঘষ হোৱাৰ ফলত প্ৰায় ২৯ গৰাকী লোক নিহত হয়।

    ইয়াৰে প্ৰায়ভাগ পাকিস্তানী শিখ আছিল।

    বিষয়াসকলে ক’লে যে, কৰাচীৰ পৰা লাহোৰলৈ গৈ থকা শ্বাহ হুছেইন এক্সপ্ৰেছে শিখ তীৰ্থযাত্ৰীসকলক লাহোৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত ফাৰুকববদলৈ লৈ গৈ থকা অৱস্থাত দুপৰীয়া ১.৩০ বজাত খুন্দা মাৰে।

    Evacuee Trust Property Board (ETPB)ৰ অধ্যক্ষ আমিৰ হাছমীয়ে ক’লে যে প্ৰায় ২৯ গৰাকী লোক, ইয়াৰে অধিকাংশ পাকিস্তানী শিখ আছিল, খুন্দাত নিহত হয়।

    তীৰ্থযাত্ৰীসকল ননকানা চাহিবৰ পৰা উভতি আহি আছিল।

    ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয়।

    দুৰ্ঘটনাটোত নিহত আৰু আহত লোকসকলক সমীপৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

    মৃত লোকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা।

    Photo Credit: Ravinder Singh Robin(Twitter)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং