26 C
Guwahati
Thursday, September 29, 2022
More

    আমি অহা নিৰ্বাচনত জিকিম; আছু হাৰিবঃ পীয়ুষ হাজৰিকা

    ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকি নগৰ উন্নয়ন মন্ত্ৰী হাজৰিকাই আছুৰ বিৰুদ্ধে এনে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে

    ‘আছু এটা মিথ্যাচাৰীৰ দল। আছু নতুন দল খুলিলে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছো। ৰাজনৈতিক পথাৰখনত তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতা হ’ব। আমি অহা নিৰ্বাচনত জিকিম। তেওঁলোক হাৰিব।’- আছুয়ে নতুন ৰাজনৈতিক দল জন্ম দিয়া প্ৰসংগত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

    আছুৱে মিছা কৈ কৈ অসমক বহুত পিছুৱাই নিছে। অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব খুজিছে। আছুৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ নহয় ১৯৬৬ হে বুলিও মন্তব্য কৰে পীয়ুষ হাজৰিকাই।

    অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মূল্যবোধৰ ৰাজনীতিবিদ জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত হয় এই মন্তব্য মন্ত্ৰীগৰাকীৰ। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকি নগৰ উন্নয়ন মন্ত্ৰী হাজৰিকাই আছুৰ বিৰুদ্ধে এনে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী। ইফালে চাপৰ নগৰৰ ৭নং ৱাৰ্ডত এটা গভীৰ নলাৰো আধাৰ শিলা স্থাপন কৰে মন্ত্ৰী হাজৰিকাই।

    Input: Nabin Chakrabarty

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং