২০ মিনিট পূৰ্বে ক্ৰয় কৰিছিল বাহন

নতুন গাড়ীত এটা দাগ লাগিলে আমাৰ হৃদযন্ত্ৰ বন্ধ হৈ যোৱা যেন লাগে। ইয়াতটো ২০ মিনিট পূৰ্বে ক্ৰয় কৰা ল্যাম্বৰগিনী বাহন চূৰ্ণ-বিচূৰ্ণ হৈ গাড়ীৰ অংশ উৰি যায়।
ভাবি চাওকচোন গাড়ীৰ মালিকৰ কি অৱস্থা হ’ব। ছচিয়েল মিডিয়াত এই ঘটনাৰ ফটো ভাইৰেল হৈ পৰিছে।
গাড়ীখনৰ ফটো আৰু ঘটনাটোৰ বিষয়ে WYP ৰোডছ্ পুলিছিং ইউনিটে টুইটাৰযোগে শ্বেয়াৰ কৰে।
লগতে লিখিলে, ‘এইখন মাত্ৰ এখন গাড়ী! কিন্তু এই ব্ৰেণ্ড নিউ ল্যাম্বৰগিনীখন ২০ মিনিট পূৰ্বে ক্ৰয় কৰা হৈছিল।
যান্ত্ৰিক বিজুতিৰ বাবে গাড়ীখন লেন ৩ত ৰৈ গৈছিল। পিছত পাছফালৰ পৰা অহা এখন বাহনে খুন্দা মাৰে।’
মূল্য ১.৮ কোটি টকা…

BBCৰ ৰিপৰ্ট অনুসৰি, ‘এই ল্যাম্বৰগিনী হুৰাকন ২ লাখ পাউণ্ড(ভাৰতীয় টকা অনুসৰি প্ৰায় ১.৮ কোটি টকা)। আৰক্ষীয়ে ক’লে এই ব্ৰেণ্ড নিউ ল্যাম্বৰগিনী ২০ মিনিট পূৰ্বে শ্ব’ৰূমৰ পৰা ওলাই অনা হৈছিল।
কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে গাড়ীখন ৰাস্তাতে বন্ধ হৈ পৰিছিল আৰু তাৰ পিছত এখন ভেনে পাছফালৰ পৰা খুন্দা মাৰে।’
বিশ্বাসৰ কি হ’ব?
মইতো ঘৰ ক্ৰয় কৰিলো হয়
দুখজনক…
ইঞ্চুৰেঞ্চ কোম্পানীয়ে…
দুৰ্ঘটনাটোত ল্যাম্বৰগিনী আৰু ভেন চালকজন গুৰুতৰভাৱে আহত হয়। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হয়।
Photo Credit: Twitter/@WYP_RPU