31 C
Guwahati
Saturday, October 1, 2022
More

    ডিব্ৰুগড়ত মাংস-কণী ঘৰে ঘৰে গৈ বিক্ৰীৰ অনুমতি প্ৰদান

    কোনোধৰণৰ মাংসৰ দোকান খোলা ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ডিব্ৰুগড় প্ৰশাসনে

    কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ সময়চোৱাত সৰ্বসাধাৰণ জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশে এক নিৰ্দেশযোগে ডিব্ৰুগড় জিলাত কভিড-১৯ প্ৰটকল মানি চলি হাঁহ, কুকুৰা, ব্ৰইলাৰ মুৰ্গী আদি জীৱিত অৱস্থাত আৰু হাঁহ বা কুকুৰাৰ কণী ৰাতিপুৱা ৬ বজাৰ পৰা দিনৰ ১ বজালৈ ঘৰে ঘৰে গৈ বিক্ৰী কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে।

    অৱশ্যে দণ্ডাধীশগৰাকীয়ে নিৰ্দেশটোত এই সময়চোৱাত কোনোধৰণৰ মাংসৰ দোকান খোলা ৰাখিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে কটা অৱস্থাত মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। এই আদেশ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।

    Photo Credit: Spring Brook Farm & Market

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং