27 C
Guwahati
Thursday, September 22, 2022
More

    মৰিয়নীত বিহু শিকাত ব্যস্ত থাইলেণ্ড বিশ্ববিদ্যালয়ৰ এজাক যুৱক-যুৱতী আৰু শিক্ষক  

    থাই গৱেষক দলটোৱে অতি কম সময়ৰ ভিতৰতে বিহুনাম, পেঁপা, ঢোলবাদন আৰু বিহু নৃত্য আয়ত্ত কৰিবলৈ সক্ষম হৈছে

    অসমলৈ আহি বিহু শিকাত ব্যস্ত থাইলেণ্ডৰ পৰা অহা এজাক থাই যুৱক-যুৱতী। যোৰহাটৰ মৰিয়নীত এসপ্তাহ বাহৰ পাতি বিহু নৃত্য, বিহু নাম, ঢোল, পেঁপা বজাবলৈ শিকিছে থাইলেণ্ডৰ পৰা অহা যুৱক-যুৱতীসকলে। ঢোলৰ চেওত কঁকাল ভাঙি নাচিছে সুন্দৰী থাই যুৱতীয়ে। পেঁপাও বজাইছে যুৱতীগৰাকীয়ে। “ৰৈ ৰৈ ৰতি মইনা মতী… বিহু গীতটো গাবলৈ চেষ্টা কৰিছে থাই যুৱতীকেইগৰাকীয়ে। ঢোলৰ চাপৰ বজাবলৈ শিকিছে থাই যুৱকেম’হৰ শিঙৰ পেঁপাত বিহু নামৰ সুৰ তুলিবলৈ চেষ্টা কৰিছে।

    বহাগ বিহুলৈ এতিয়াও মাজত দুমাহ আছে যদিও এনেদৰে এতিয়া অসমীয়া বাপতিসাহোন বিহুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰা এইসকল যুৱক-যুৱতী থাইলেণ্ডৰ ৰাজধানী বেংককত থকা শ্ৰীনাকাৰীনউইৰট বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বিশ্ববিদ্যালয়খনত থাই আৰু এছিয়া সংগীত বিভাগত অধ্যয়ন কৰি থকা এই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে অসমৰ বিহুৰ ওপৰত গৱেষণাৰ বাবে অসমত এপষেক পূৰ্বে উপস্থিত হয়হি।

    বিশ্ববিদ্যালয়খনৰ অধ্যাপক আৰু প্ৰকল্প নিৰ্দেশক ৱীৰা ফানচুৰ তত্বাৱধানত চুপাকাৰ্ণ পিমপিচাৰন, তাৰাৰাট ৰুঙ্গান’ঠাইকোন, চিৰিৰাত খংপিয়া আৰু পানিদা ব’নাকাৱে নামৰ চাৰি জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো অসমলৈ আহিছে। দলটোৱে বিহু নাম, বিহু নাচ, বিহুৰ সাজপোচাক আৰু ঢোল, পেঁপাকে ধৰি সকলো বাদ্যৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বিহু নাচ আৰু ঢোল-পেঁপা বজাবলৈ শিকি বিহুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিলে। বিহু শিকি অভিভূত হৈ পৰিল থাইলেণ্ডৰ এইসকল গৱেষক ছাত্ৰ-ছাত্ৰীৰ দল।

    দলটোৱে থাইলেণ্ডত গৈ বিহু নৃত্য পৰিৱেশন কৰিবগৈ বুলিও জানিবলৈ দিয়ে। থাইলেণ্ডৰ সংস্কৃতিৰ লগত অসমৰ বিহুৰ বহু সামঞ্জস্য থকা বুলিও প্ৰকাশ কৰিছে দলটোৰ তত্বাৱধায়ক তথা অধ্যাপক ৱীৰা ফানচুৱে। থাইলেণ্ডৰ এই গৱেষক দলটোক বিহুৰ শিক্ষা প্ৰদান কৰে বিশিষ্ট লোক শিল্পী ড° প্ৰসন্ন গগৈৰ নেতৃত্বত নাং চিন্তামনি মলিয়া আৰু চাও লাচিত গগৈয়ে। আনহাতে দলটোৰ লগত সমন্বয়ৰক্ষী ৰূপে সহযোগ কৰে চাও চুখাম চাওচিঙে। আনহাতে থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ বিহুক গৱেষণাৰ বিষয় হিচাপে লোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয় বুলি মূখ্য প্ৰশিক্ষক বিশিষ্ট লোক শিল্পী ড° প্ৰসন্ন গগৈয়ে প্ৰকাশ কৰিছে।

    থাই গৱেষক দলটোৱে অতি কম সময়ৰ ভিতৰতে বিহুনাম, পেঁপা, ঢোলবাদন আৰু বিহু নৃত্য আয়ত্ব কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে। অসমৰ জাতীয় সংস্কৃতি বিহুৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা গৱেষণাই অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব।সংস্কৃতিৰ এই মিলন সেতুয়ে থাইলেণ্ড আৰু অসমৰ মাজত ভাতৃত্ববোধ, সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰিব বুলি আশা প্ৰকাশ কৰিছে বিহু প্ৰশিক্ষক তথা লোকশিল্পী ড° প্ৰসন্ন গগৈয়ে।     

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং