26 C
Guwahati
Thursday, September 22, 2022
More

    কৰিমগঞ্জত নাৰিকলৰ ভিতৰত শিৱৰ আৱিৰ্ভাৱ!

    নাৰিকলটো যজ্ঞৰ জুইত দিয়াত জ্বলি নাযায়। তেতিয়া তাত উপস্থিত থকা সকলো মানুহে কয় শিৱ ভগৱান এই নাৰিকলটোত আছে বাবে যজ্ঞৰ জুয়ে ইয়াক একো কৰিব পৰা নাই

    নাৰিকলৰ ভিতৰত শিৱৰ আৱিৰ্ভাৱ! নাৰিকলৰ ভিতৰত শিৱই অৱস্থান কৰা বুলি এটা ঘটনাই কৰিমগঞ্জৰ বদৰপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ জাংলা কালীবাড়িৰ দেৱাশীষ পাল নামৰ ব্যক্তিজনৰ ঘৰত পূজাৰ বাবে অনা নাৰিকলৰ ওপৰত কাল নাগ সাপৰ আকৃতি দেখে দেৱাশীষৰ পত্নীয়ে । সাপৰ আকৃতি দেখাৰ পাছত দেৱাশীষৰ পত্নীয়ে নাৰিকলটোক চুই চায়। নাৰিকলটো চুই চোৱাৰ লগে লগে পৰিয়ালটোৰ ঘৰৰ ভগৱান শিৱৰ ফটো নিজে নিজে তলত পৰি যায়। এই সমগ্ৰ ঘটনা দেখি দেৱাশীষ পালৰ পৰিয়ালবৰ্গ চিন্তিত হৈ পৰে।

    ইয়াৰ পাছত সমগ্র ঘটনা জাংলা কালিবাড়ি পুৰোহিতক অৱগত কৰায় আৰু পুৰোহিতে নাৰিকলটোক গাখীৰ আৰু পানীৰে পৰিস্কাৰ কৰি ৫টা ৰঙা ফোঁট লগাবলৈ আদেশ দিয়ে। ইয়াৰ পিছত নাৰিকলটোক কালী মন্দিৰৰ যজ্ঞত লৈ যোৱা হয় । নাৰিকলটো যজ্ঞৰ জুইত দিয়াত জ্বলি নাযায়। তেতিয়া তাত উপস্থিত থকা সকলো মানুহে কয় শিৱ ভগৱান এই নাৰিকলটোত আছে বাবে যজ্ঞৰ জুয়ে ইয়াক একো কৰিব পৰা নাই।

    বৰ্তমান এই নাৰিকলটো জাংলা কালীবাড়িত আছে আৰু এই নাৰিকলটোক ভাল তিথি চাই উক্ত স্থানত প্ৰতিষ্ঠিত কৰা হ’ব। নাৰিকলটো যজ্ঞৰ জুইত জ্বলি নোযোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

    Photo Credit:@soumyajitpurkayastha

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং