বৰপেটা নিবাসী পাৰ্থ জয় দাসৰ ৬২ বছৰ বয়সত নিজ বাসগৃহতে মৃত্যু হয়। জটিল ৰোগত আক্ৰান্ত দাস দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হাস্পতালত। অসম আন্দোলত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল দাসে।
আই পি এছ বিষয়া কে পি এছ গীলৰ বিৰুদ্ধে গোচৰ তৰিছিল পাৰ্থ জয় দাসে। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ হত্যা গোচৰত অভিযুক্ত কৰা হৈছিল কে পি এছ গীলক। গোচৰটো সংক্ৰান্তত দীৰ্ঘদিন ধৰি আইনী যুঁজত অৱতীৰ্ণ হ’বলগীয়া হৈছিল দাস। পাৰ্থ জয় দাসৰ মৃত্যুত বৰপেটাৰ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ।