হাইলাকান্দিত বৃহস্পতিবাৰে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ একাংশ প্ৰতিবাদকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কেইবাখনো কাকতত এই সন্দৰ্ভত প্ৰকাশিত বাতৰিক লৈ আশ্চৰ্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে আজি কয় যে যিসকল প্ৰতিবাদকাৰীয়ে ক’লা পতাকা দেখুৱাইছিল সেইসকলে প্ৰকৃততে কোনো ৰাজনৈতিক পাকচক্ৰত পৰিহে এনে প্ৰতিবাদ সাব্যস্ত কৰিছে।
‘আছুৱে কৈছিল যে নিশাৰ ভাগত প্ৰতিবাদ বন্ধ ৰাখিব। কিন্তু বৃহস্পতিবাৰে নিশাৰ ভাগতে ক’লা পতাকা দেখুৱালে। সংবাদমাধ্যমত প্ৰকাশ পাইছে আছুৱে ক’লা পতাকা দেখুৱাইছে। যদি আছুৱেই হয় তেন্তে তেওঁলোকৰ নেতৃত্বই নিশা প্ৰতিবাদ নকৰে বুলি কৰা ঘোষণাৰ কি মূল্য থাকিল? নে হাইলাকান্দিৰ আছুৱে সেয়া পাহৰি গ’ল? নে সংগঠনটোৰ মাজত একতাৰ অভাৱ?’- তেনেই নগণ্যসংখ্যক প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক প্ৰৰোচনাত পৰি বৃহস্পতিবাৰে সেই কাণ্ড সংঘটিত কৰিছে বুলি দাবী কৰি প্ৰশ্ন উত্থাপন কৰে।
প্ৰতিবাদকাৰীসকলৰ মাজত যুৱ ছাত্ৰৰ সদস্য থকাটোক লৈও সন্দেহ প্ৰকাশ কৰে মন্ত্ৰী শুক্লবৈদ্যই। লগতে তেওঁ কয় যে সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ দৰে যুৱ ছাত্ৰৰ সদস্যই প্ৰতিবাদ জনাইছিল নে যুৱ ছাত্ৰৰ নাম লৈ কোনো সুবিধাবাদীয়ে ৰাজনীতিৰ অংক পাতিছে সেইটোক লৈও প্ৰশ্ন উত্থাপন মন্ত্ৰীগৰাকীৰ। আমাৰ বোধেৰে এয়া সুবিধাবাদী কোনো ৰাজনৈতিক দলৰ উদ্দেশ্য প্ৰণোদিত প্ৰতিবাদ। তেনেই নগণ্যসংখ্যক লোকেৰে সেই কাৰ্য সংঘটিত কৰি দলটোৱে আছু আৰু আন জাতীয় সংগঠনক বদনাম জাপি দিছে বুলিও সন্দেহ প্ৰকাশ কৰে।
লগতে তেওঁ ক’লে যে আছুৱে তেনে দলৰ সৈতে ভিতৰি বুজাবুজিও কৰিব পাৰে। ইতিমধ্যে এনে দলৰ এজন জ্যেষ্ঠ নেতাই আছুৱে জন্ম দিবলৈ ওলোৱা নতুন দলটোক সমৰ্থন জনাব বুলি কৰা ঘোষণাৰ কথাও সংবাদমাধ্যমত প্ৰকাশ পাইছে।
Photo: Time8