26 C
Guwahati
Thursday, September 22, 2022
More

    ঈশাণ-ইবনৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই জেক আৰু জিলেও

    কোনেও ৭ বছৰীয়া ঈশাণ আৰু ৪ বছৰীয়া ইবনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই

    বৃহস্পতিবাৰে গুৱাহাটীৰ বেলতলাৰ সমীপৰ ৱায়াৰলেছত হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুই ভাতৃয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পিছতে এতিয়া প্ৰতিগৰাকী লোকৰ মন সেমেকি উঠিছে। কোনেও ৭ বছৰীয়া ঈশাণ আৰু ৪ বছৰীয়া ইবনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই। কেৱল পৰিয়ালৰ লোক বা অন্য মানুহেই নহয় দুইৰ ভাতৃৰ মৃত্যুত চকু সেমেকি উঠিছে ঈশাণ আৰু ইবনৰ পোহনীয়া কুকুৰ দুটাৰো।

    শোকত ভাগি পৰা সেই পৰিয়ালটোৰ খবৰ ল’বলৈ আহিছে আৰু গৈছে বিভিন্নজন। প্ৰতিজন লোকে সান্ত্বনা দিছে পৰিয়ালটোক। কিন্তু অমাত এই পোহনীয়া কুকুৰ দুটাই কেনেকৈ প্ৰকাশ কৰিব মৰমৰ ঈশাণ-ইবনৰ মৃত্যুক লৈ হোৱা বেদনা। খোৱা–বোৱা এৰি চোতালৰ একাষত বহি জেক আৰু জিলে এতিয়াও বিচাৰি ফুৰিছে ঈশাণ-ইবনৰ মৰম। অপেক্ষা কৰি আছে হয়টো ঈশাণ আৰু ইবন আহিব আৰু মৰম দিব।

    ঈশাণ আৰু ইবনৰ মৃতদেহ GMCHৰ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং