25 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত আৰক্ষী কনিষ্টবলক প্ৰহাৰ অৰ্ধসামৰিক বাহিনীৰ

    অৰ্ধসামৰিক বাহিনীৰ পৰা সাৰি যোৱা নাই হকাৰ, গেছ বিতৰণকাৰী, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীও

    ভয়াবহ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশজুৰি চলি আছে লকডাউন। আৰু এই লকডাউন অমান্য কৰাৰ বাবে সমানে চলি আছে আৰক্ষীৰ অভিযান। আৰক্ষীয়ে দিনে নিশাই কষ্ট কৰি লক ডাউনৰ সময়চোৱাত কৰ্তব্য পালন কৰি আছে। কিন্তু তাৰ মাজতেই এচাম আৰক্ষীয়ে লকডাউন অমান্য কৰা বুলি বাচ বিচাৰ নোহোৱাকৈ কেৱল কৰি গৈছে নিৰ্মম প্ৰহাৰ।

    মুছলপুৰৰ বাক্সা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীক অৰ্ধসামৰিক বাহিনীৰ প্ৰহাৰ। কোনো সোধ-পোচ নকৰাকৈ প্ৰহাৰ কৰে অৰ্ধ সামৰিক বাহিনীয়ে। নলবাৰীত আৰক্ষী কনিষ্টবল প্ৰাণজিৎ বৰ্মনক প্ৰহাৰ অৰ্ধসামৰিক বাহিনীৰ। এইচাম অৰ্ধসামৰিক বাহিনীৰ পৰা সাৰি যোৱা নাই হকাৰ, গেছ বিতৰণকাৰী, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীও।

    নলবাৰীৰ জপাৰকুছিত নিশা সংঘটিত হয় এই প্ৰহাৰ কৰাৰ ঘটনা। জানিবলৈ পোৱা অনুসৰি, খাদ্য সংকটত পৰা পৰিয়ালক খাদ্য বিতৰণৰ বাবে গৈছিল আৰক্ষী কনিষ্টবলজন। পিছে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বেই অৰ্ধ সামৰিক বাহিনীয়ে প্ৰহাৰ কৰে আৰক্ষীজনক। এই ঘটনাৰ পিছতে নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং