20 C
Guwahati
Tuesday, January 31, 2023
More

    পানবজাৰ থানাৰ উপ পৰিদৰ্শকৰ দেহত ধৰা পৰিল কভিডৰ উপস্থিতি

    কৰ'ণা আক্ৰান্ত বিষয়া গৰাকীয়ে কৰ্মত নিয়োজিত হৈ থকা সময়ত সম্পূৰ্ণ সামাজিক দূৰত্বৰ মানি চলিছিল যদিও সুৰক্ষাজনিক কাৰণত কেইবাজনকো কোৱাৰাইণ্টাইনলৈ পঠাব প্ৰশাসনে

    মহানগৰীত কৰ’ণাৰ সংক্ৰমণ দিনে দিনে অধিক বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ মহামাৰী কৰ’ণাৰ উপস্থিতি ধৰা পৰিল পানবজাৰ থানাৰ উপ পৰিদৰ্শকৰ দেহত।

    আজি ১৩ জুন শনিবাৰে পানবজাৰ থানাৰ উপ পৰিদৰ্শক অভিজিৎ দলেৰ দেহত ধৰা পৰিল কৰ’ণাৰ উপস্থিতি।

    পিছে ভয়ংকৰ কথা এই যে আৰক্ষী বিষয়া গৰাকীৰ দেহত ঘৰা পৰা এই কৰ’ণাৰ কোনো উৎস নাই।

    ক’ৰ পৰা কেনেকৈ এই ভাইৰাছ তেওঁৰ দেহলৈ আহিল এই বিষয়ে কোনো কথ্য নাই।

    বিগত তিনি চাৰি দিন ধৰি পল্টনবজাৰ স্থিত বিশ্ব ৰত্ন হোটেলত কোৱাৰাইণ্টাইন হৈ আছিল আৰক্ষী বিষয়া গৰাকী।

    আৰু কোৱাৰাইণ্টাইন হৈ থকা সময়তে তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত স্বাৱ সংগ্ৰহ কৰি কৰ’ণা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

    আজি অহা ৰিপৰ্ট অনুসৰি তেওঁৰ শৰীৰত ধৰা পৰে এই কভিড-১৯ৰ উপস্থিতি।

    কভিড চিকিৎসাৰ বাবে আজিয়েই তেওঁক পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰা হ’ব।

    এই বিষয়ে TIME8 ক সবিশেষ জানিবলৈ দিয়ে পানবজাৰ থানাৰ ACP লৱ কুমাৰ ডেকাই।

    কৰ’ণা আক্ৰান্ত আৰক্ষী বিষয়া গৰাকীয়ে কৰ্মত নিয়োজিত হৈ থকা সময়ত সম্পূৰ্ণ সামাজিক দূৰত্বৰ নিয়ম মানি চলিছিল যদিও সুৰক্ষাজনিক কাৰণত অন্য কেইবাজনকো কোৱাৰাইণ্টাইনলৈ পঠাব প্ৰশাসনে।

    Photo Credit: YouTube

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং