30 C
Guwahati
Wednesday, October 5, 2022
More

    পেন আৰু আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰোৱাৰ সময়সীমা বৃদ্ধি

    বিত্ত মন্ত্ৰালয়ে এখন জাননী জাৰি কৰি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰোৱাৰ সময়সীমা বৃদ্ধি কৰিছে ২০১৯ৰ ৩১ ডিচেম্বৰলৈ

    বিত্ত মন্ত্ৰালয়ে এখন জাননী জাৰি কৰি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰোৱাৰ সময়সীমা বৃদ্ধি কৰিছে ২০১৯ৰ ৩১ ডিচেম্বৰলৈ। পূৰ্বে এই সময়সীমা আছিল ৩০ ছেপ্টেম্বৰ। যদি আপুনি সময়সীমাৰ পূৰ্বে আধাৰ আৰু পেন কাৰ্ড লিংক নকৰাই তেন্তে আপোনাৰ পেন কাৰ্ড অবৈধ হৈ পৰিব।

    আয়কৰ বিভাগৰ আদেশ অনুসৰি ৩১ ডিচেম্বৰৰ পিছত যিসকলৰ পেন কাৰ্ড আধাৰৰ সৈতে লিংক নহয় সেইসমূহ পেন কাৰ্ড বাতিল কৰা হ’ব। উল্লেখ্য যে জুলাইত দাখিল হোৱা সাধাৰণ বাজেটত পেন আৰু আধাৰ লিংকিঙৰ নিয়মসমূহ সলনি কৰা হৈছিল।

    যিসকলে ইতিমধ্যে পেন আৰু আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰিছে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।

    কেনেকৈ কৰিব লিংকঃ

    . যদি আপুনি পেন কাৰ্ড আধাৰৰ সৈতে লিংক কৰোৱাব বিচাৰিছে তেন্তে সৰ্বপ্ৰথমে আয়কৰ বিভাগৰ বেৱছাইট www.incometaxindiaefiling.gov.in ক্লিক কৰক।

    ২. ইয়াৰ পিছত আপুনি বেৱছাইটত গৈ Link Aadhaar অপচন ক্লিক কৰিব।

    ৩. আপুনি যেতিয়া Link Aadhaarৰ অপচন ক্লিক কৰিব তেতিয়া নতুন এটা window খোল খাব।

    ৪. window পেজত গৈ আপোনাৰ আধাৰ নম্বৰ, পেন নম্বৰ আৰু আধাৰ অনুসৰি নাম ভৰ্তি কৰক।

    ৫. ইয়াৰ পিছত কেপচা টাইপ কৰক আৰু Link Aadhaar বুটাম ক্লিক কৰক।

    photo credit: kannada.news18.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং