27 C
Guwahati
Wednesday, October 13, 2021
More

    নৰেন্দ্ৰ মোডীলৈ হলিউড অভিনেত্ৰী পামেলা এণ্ডাৰছনৰ পত্ৰ; পিছে কিয় প্ৰেৰণ কৰিব লগা হ’ল এই পত্ৰ?

    অভিনেত্ৰী গৰাকীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীকো পত্ৰযোগে তেওঁৰ খাদ্য তালিকাত নিৰামিষ আহাৰৰ সংযোজন কৰিবলৈ অনুৰোধ জনাইছিল

    হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ‘বিগবছ’ ৰিয়েলিটি শ্ব’ৰ আলহী পামেলা এণ্ডাৰছনে লিখিত পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মন্ত্ৰীলৈ। কিন্তু কি কাৰণে পত্ৰ প্ৰেৰণ কৰিব লগা হ’ল এগৰাকী হলিউড অভিনেত্ৰীয়ে ? People for the Ethical Treatment of Animals(PETA)পেটা নামৰ সংগঠনটোৰ ফালৰ পৰা জীৱহত্যা ৰোধ কৰিবৰ বাবেই প্ৰেৰণ কৰে এই পত্ৰ ।

    পত্ৰৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে মোডীক অনুৰোধ কৰিছে, চৰকাৰে যাতে ভাৰতবৰ্ষত আমিষতকৈ নিৰামিষ আহাৰৰ ওপৰতহে অত্যাধিক গুৰুত্ব দিয়ে । বিশেষকৈ চৰকাৰী সকলো বৈঠক আৰু কাৰ্যসূচীতে তেওঁ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ জনায় । লগতে নিৰামিষ আহাৰৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গুৰুত্বৰ বিষয়েও কয় ।

    অভিনেত্ৰী গৰাকীয়ে পত্ৰত ভাৰতৰ সুস্বাদু খাদ্যৰো প্ৰশংসা কৰে। কেশৰ দিয়া অতি সুন্দৰ ৰঙৰ ভাত আৰু ভেজ বিৰিয়াণীৰ সোৱাদৰ কথা কয়। ভাৰতত থকা ইয়াৰ বিভিন্ন নিৰামিষ খাদ্যই সমগ্ৰ পৃথিৱীৰ লোককে আকৰ্ষিত কৰাৰ কথাও উল্লেখ কৰে পত্ৰৰ জৰিয়তে।

    উল্লেখ্য যে বিগত মাহত অভিনেত্ৰী গৰাকীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীকো পত্ৰযোগে তেওঁৰ খাদ্য তালিকাত নিৰামিষ আহাৰৰ সংযোজন কৰিবলৈ অনুৰোধ জনাইছিল ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং