27 C
Guwahati
Thursday, October 6, 2022
More

    ফেচবুকত উৰাবাতৰি বিয়পাই পলাশবাৰীত যুৱতী আটক

    যুৱতীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টত এটি বিৰ্তকিত পোষ্ট দিছিল যাৰ ফলত সৃষ্টি হবলৈ ওলাইছিল হিন্দু মুছলিমৰ মাজত গোষ্ঠী সংঘৰ্ষ

    দেশৰ এই মহা সংকটৰ সময়ত উৰাবাতৰি বিয়পাই আটক হ’ল এগৰাকী যুৱতী। কৰ’ণা ভাইৰাছে ইতিমধ্যে দেশত মহামাৰীৰ ৰূপ লৈছে । প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে দেশত লক ডাউন চলি থকাৰ সময়তে বিভিন্ন জনে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ উৰাবাতৰি বিয়পাই অস্থিৰ কৰিছে সমাজক।

    যাৰবাবে এতিয়া কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। বিধায়কে হওক বা সাধাৰণ যুৱক যুৱতীয়ে হওক উৰাবাতৰি বিয়পোৱা কাকোৱে যেন ৰেহাই দিয়া হোৱা নাই। এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষীয়ে আটক কৰিলে এজনী যুৱতীক।

    আজি কিছুদিন পূৰ্বেই যুৱতীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টত এটি বিৰ্তকিত পোষ্ট দিছিল যাৰ ফলত সৃষ্টি হবলৈ ওলাইছিল হিন্দু মুছলিমৰ মাজত গোষ্ঠী সংঘৰ্ষৰ দৰে ঘটনা। কিন্তু আৰক্ষীৰ বাবে সংঘটিত হবলৈ নাপালে এনে ঘটনা। পৰৱৰ্তী সময়ত পলাশবাৰী আৰক্ষীৰ তদন্তত ওলাই পৰিল যে যুৱতীগৰাকীৰ এটা ফেচবুক পোষ্টৰ বাবে সংঘটিত হবলৈ ওলাইছিল এনেকুৱা ধৰণৰ ঘটনা।

    যাৰ বাবে আৰক্ষীয়ে সোধা পোছৰ বাবে আজি যুৱতী গৰাকীক থানা লৈ আনি এটা গোচৰ ৰুজু কৰে। পিছত যুৱতী গৰাকীক ঘৰলৈ যাবলৈ দিয়ে যদিও পৰৱৰ্তী সময়ত তদন্তৰ খাতিৰত আৰক্ষীয়ে যেতিয়াই যুৱতীগৰাকীক বিচাৰে তেতিয়াই থানাত আহি উপস্থিত হ’ব লাগিব বুলি জনাই দিয়ে যুৱতীগৰাকীক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং