28 C
Guwahati
Monday, September 26, 2022
More

    কূটকৌশল! ভাৰত সীমান্তত উৰিছে পাকিস্তানৰ ড্ৰোন

    স্থানীয় লোকৰ মতে গাঁৱৰ সমীপতে দুৰ্ঘটনাত পতিত হৈছে ড্ৰোন দুখন আৰু এই সন্দৰ্ভত ড্ৰোন দুখনৰ সন্ধানত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান

    পঞ্জাৱৰ ফিৰোজপুৰত পুনৰ দেখা গৈছে পাকিস্তানী ড্ৰোন। ঝুঞ্জাৰা হাজাৰা সিংৱালাৰ সীমান্তৱৰ্তী গাঁৱৰ বাসিন্দাই পুৱাই প্ৰত্যক্ষ কৰে পাকিস্তানৰ দুখনকৈ ড্ৰোন। স্থানীয় লোকৰ মতে গাঁৱৰ সমীপতে দুৰ্ঘটনাত পতিত হৈছে ড্ৰোন দুখন আৰু এই সন্দৰ্ভত ড্ৰোন দুখনৰ সন্ধানত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। বিগত কেইবাদিন ধৰি আকাশত দেখা গৈছে পাকিস্তানী ড্ৰোন।

    ইয়াৰ পূৰ্বে এই সপ্তাহৰে সোমবাৰে নিশাৰ ভাগত পঞ্জাৱৰ হুছেনীৱালা ছেক্টৰত ভাৰত সীমান্তত প্ৰৱেশ কৰিছিল পাকিস্তানৰ ড্ৰোন। এই সন্দেহজনক এখন ড্ৰোন বস্তি ৰামলালৰ সীমান্তৰ আউট পোষ্ট আৰু হুছেনীৱালাৰ এছ কে টাৱাৰ পোষ্টৰ সমীপত আৰু আনখন এক কিলোমিটাৰ উচ্চতাত উৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে।

    ড্ৰোনৰ জৰিয়তে ভাৰতলৈ মাৰণাস্ত্ৰ পঠিওৱাৰ চেষ্টা চলাইছে পাকিস্তানে
    বিগত মাহৰ ২৫ তাৰিখে ঝব্বাল নামৰ এটা অঞ্চলৰ পৰা ধ্বংস কৰা পাকিস্তানৰ ড্ৰোন উদ্ধাৰ কৰিছিল তৰনতাৰন আৰক্ষীয়ে আৰু তদন্তৰ অন্তত খালিস্তান জিন্দাবাদ ফৰ্চ আৰু খালিস্তান লিবাৰেচন ফৰ্চৰ সন্ত্ৰাসবাদীয়ে মাৰণাস্ত্ৰ ভাৰতলৈ প্ৰেৰণ কৰাৰ লক্ষ্যৰে ৮বাৰতকৈও অধিক বাৰ প্ৰায় ৪-৫খন ড্ৰোন ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল কিন্তু ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে ব্যৰ্থ কৰিছিল পাকিস্তানৰ কূটকৌশল পূৰণত। ১২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈকে পাকিস্তানে ১৬টা Assult Rifle প্ৰেৰণ কৰিছে ইয়াৰ ভিতৰত আছিল চাৰিটা AK-56, 5 AK-47 আৰু ৫টা AK-74 ৰাইফল। ইয়াৰ বাহিৰেও ৯টা হেণ্ড গ্ৰেনেড, চাৰিটা পিষ্টল, ৫টা ছেটেলাইট ফোন, মেগজিনো প্ৰেৰণ কৰিছিল পাকিস্তানে।

    Photo Credit : India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং