27 C
Guwahati
Friday, September 30, 2022
More

    পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ত যুৱক-যুৱতীয়ে একেলগে চলা-ফুৰা কৰিলে ভৰিব লাগে জৰিমনা

    বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইটো কৈছে যে ছাত্ৰ-ছাত্ৰী একেলগে চলা-ফুৰা কৰি থাকোতে ধৰা পৰিলে ইয়াৰ বিষয়ে জনোৱা হ'ব পিতৃ-মাতৃক

    পাকিস্তানৰ চাৰছদ্দাস্থিত বাছা খান বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে একেলগে চলা-ফুৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ চৌপাশত একেলগে ঘূৰা-ফুৰা আৰু একেলগে বহি থকা প্ৰত্যক্ষ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।

    জাননী অনুসৰি এইধৰণৰ গতিবিধিক Non-Islamic বুলি কোৱা হৈছে। লগতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইটো কৈছে যে ছাত্ৰ-ছাত্ৰী একেলগে চলা-ফুৰা কৰি থাকোতে ধৰা পৰিলে ইয়াৰ বিষয়ে জনোৱা হ’ব পিতৃ-মাতৃক। ইয়াৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনাও ভৰাৰ সম্ভাৱনাও যথেষ্ট। এই সিদ্ধান্তক বহুতে ঘূৰাই লোৱাৰ দাবী জনাইছে যদিও কোনোৱে আকৌ এই সিদ্ধান্তক গ্ৰহণ কৰিছে।

    photo credit: thehushpost.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং