বালাকোট এয়াৰ ষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতো যেন এতিয়াও শিক্ষা ল’ব বিচৰা নাই পাকিস্তানে। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ দূৰ কৰাৰ পিছৰে পৰা ধৰফৰণি কৰি থকা পাকিস্তানে এল অ চিৰ সমীপতে স্থাপন কৰিছে সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ। য’ত প্ৰশিক্ষণ দিয়া হৈছে জামাত-ঈ-ইছলামী, জঈছ-ঈ-মহম্মদ, লস্কৰ-ঈ-তৈবা আৰু হিজবুল মুজাহিদীনৰ দৰে সংগঠনৰ সন্ত্ৰাসবাদীক।
পোহৰলৈ আহিছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে স্থাপন কৰা প্ৰশিক্ষণ শিবিৰৰ কেইখনমান বিশেষ ফটো। য’ত দেখা গৈছে জামাত-ঈ-ইছলামী, জঈছ-ঈ-মহম্মদ, লস্কৰ-ঈ-তৈবা আৰু হিজবুল মুজাহিদীনৰ দৰে সংগঠনৰ সন্ত্ৰাসবাদীক। এই সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰা হৈছে আগষ্ট মাহৰ আৰম্ভণিতে। যাৰ নেতৃত্ব লৈছে জামাত-ঈ-ইছলামীয়ে।

ভাৰতত প্ৰৱেশ কৰি কূটাঘাত সংঘটিত কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে। প্ৰাপ্ত তথ্য অনুসৰি ভাৰতত পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশ ঘটাবৰ বাবে হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ ছমছেৰ খানক দিয়া হৈছে দায়িত্ব। আনহাতে এইটো মাহৰ শেষৰটো সপ্তাহ বা অক্টোবৰৰ আৰম্ভণিতে ভাৰতত প্ৰৱেশ কৰি আক্ৰমণ চলাব পাৰে বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য।