পাকিস্তানে কাশ্মীৰ সন্দৰ্ভত বিশ্বৰ প্ৰতিখন দেশৰ সৈতে ভাৰতৰ বিৰুদ্ধে মাত মতাৰ দাবী উত্থাপন কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰা আৰম্ভ কৰি নেতা আৰু ক্ৰিকেটাৰসকলেও কাশ্মীৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে।
ইয়াৰ মাজতে কাশ্মীৰ সন্দৰ্ভত ভাৰতক লক্ষ্য কৰি বিমোৰত পৰিছে পাকিস্তানৰ সাংসদ আৰু প্ৰাক্তন মন্ত্ৰী ৰহমান মালিক। এই ঘটনাৰ পিছতে ছচিয়েল মিডিয়াত হাঁহিয়াতৰ পাত্ৰ হৈ উঠিছে পাকিস্তানৰ সাংসদগৰাকী।
কাশ্মীৰ সন্দৰ্ভত ভাৰতক উপদেশ দিবলৈ চেষ্টা কৰি পাকিস্তানৰ সাংসদ ৰহমান মালিকে কৰিলে টুইট। টুইটত ৰহমান মালিকে কংগ্ৰেছ নেতা গুলাম নৱী আজাদৰ মন্তব্য প্ৰকাশ কৰিলে আৰু ক’লে যে এইজন আপোনাৰ দেশৰে নেতা। যিগৰাকীয়ে কাশ্মীৰত ঘটি থকা নৃশংসতাৰ বিষয়ে কৈ আছে।
ইয়াৰ লগতে সাংসদ ৰহমান মালিকে ইউনাইটেড নেছন(UN)ক টেগ কৰাৰ পৰিৱৰ্তে UNOgame টেগ কৰিলে। তেওঁ এই টুইটটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছিল। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰহমান মালিকৰ এই টুইটত কৰিলে যথেষ্ট সমালোচনা।

উল্লেখযোগ্য যে, সোমবাৰে ফ্ৰাঞ্চত অনুষ্ঠিত G-7 শিখৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড’ ট্ৰাম্পৰ হৈছিল বৈঠক। ইয়াৰ পিছতে শংকিত পাকিস্তানে ভাৰতক দিলে পাৰমানৱিক আক্ৰমণৰ ভাবুকি।