28 C
Guwahati
Tuesday, October 4, 2022
More

    PIAৰ বিমান দুৰ্ঘটনাঃ ইঞ্জিনে কাম কৰা নাই…এয়া আছিল PIAৰ পাইলটৰ অন্তিমটো বাৰ্তা

    উল্লেখ্য যে ১০৭গৰাকী যাত্ৰী কঢ়িয়াই নিছিল বিমানখনে। ৯৯গৰাকী যাত্ৰী আৰু ৮গৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ আছিল। ৩১গৰাকী মহিলা যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত

    শুকুৰবাৰে পাকিস্তানত এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। লাহোৰৰ পৰা কৰাচী অভিমুখী পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইঞ্চ(PIA)ৰ বিমান দুৰ্ঘটনাত পতিত হয়। প্ৰাথমিক তথ্য অনুসৰি এই দুৰ্ঘটনা কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হয়। পাকিস্তান এয়াৰলাইঞ্চৰ CEO আৰছদ মালিকে ক’লে যে দুৰ্ঘটনাটোৰ তদন্তৰ আদেশ প্ৰদান কৰা হৈছে। তেওঁ ক’লে যে কৰাচীত অৱতৰণ কৰাৰ পূৰ্বে পাইলটে জনাইছিল কাৰিকৰী বিজুতিৰ কথা।

    PIAৰ এই বিমানখন উৰুৱাই আছিল কেপ্টেইন ছজ্জাদ গুলে। বিমানখন অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিট পূৰ্বে পাইলটে কাৰিকৰী বিজুতিৰ কথা জনাইছিল। ইয়াৰ মাজতে এয়াৰ ট্ৰাফিক কণ্ট্ৰল (ATC) আৰু পাইলটৰ মাজত শেষবাৰৰ বাবে হোৱা কথা-বতৰাৰ ৰেকৰ্ডিঙো প্ৰকাশ পাইছে। A320 বিমন উৰুৱাই থকা পাইলটৰ অন্তিমটো শব্দ যিটো ৰেকৰ্ড হৈছে সেয়া হৈছে বিমানৰ ইঞ্জিনে কাম কৰা নাই।

    দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ১০ মিনিট আগত পাইলট আৰু ATCৰ সম্পৰ্ক বিচ্ছিন্ন হৈছিল। কৰাচী বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে পাইলটে কৈছিল যে ২টা ৰাউণ্ড লোৱাৰ পিছত অৱতৰণ কৰিম, কিন্তু ইয়াৰ পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটো হোৱাৰ আগত পাইলটে লেণ্ডিং গিয়াৰো খুলিব চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। পাইলটে লেণ্ডিং কৰাব বিচাৰি আছিল কিন্তু বিমানখনৰ চকা খোল খোৱা নাছিল যাৰ বাবে তেওঁক কোৱা হৈছিল কিছুসময়ৰ বাবে বিমানখন ওপৰতে উৰুৱাই থকাৰ কথা। ইয়াৰ মাজতে বিমানখন দুুৰ্ঘটনাগ্ৰস্ত হয়।

    উল্লেখ্য যে ১০৭গৰাকী যাত্ৰী কঢ়িয়াই নিছিল বিমানখনে। ৯৯গৰাকী যাত্ৰী আৰু ৮গৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ আছিল। ৩১গৰাকী মহিলা যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। এই দুৰ্ঘটনাটোৰ ফলত ধ্বংসস্তুপত পৰিণত হয় ৮-১০টাকৈ ঘৰ। লগতে বহু দোকান-পোহাৰো জ্বলি ভস্মীভূত হয়। ঘটনাস্থলীত সেনা-উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সৌভাগ্যবশতঃ ৰক্ষা পৰিছে দুজনকৈ লোক। পঞ্জাৱ বেংকৰ CEO আৰু এজন সাংবাদিকৰ প্ৰাণৰক্ষা পৰে। দুৰ্ঘটনাটোত আহতসকলক ভৰ্তি কৰোৱা হৈছে আগা খান হাস্পতালত।

    Photo credit: GEO, aajtak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং