27 C
Guwahati
Friday, September 30, 2022
More

    পাকিস্তানৰ আন এক কু-চক্ৰান্ত, ৰাষ্ট্ৰপতি কোবিন্দৰ বাবে এয়াৰস্পেছ খোলাত অমান্তি

    ভাৰতৰ সৈতে সু-সম্বন্ধ গঢ়ি তোলাৰ ভাও ঢৰা পাকিস্তানে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাবে এয়াৰস্পেছ খোলাত অমান্তি হ'ল। পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে শনিবাৰে ক'লে যে বৰ্তমান চলি থকা পৰিস্থিতিত পাকিস্তানে ভাৰতক এয়াৰস্পেছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ সোমবাৰে আইলেণ্ড, ছুইজাৰলেণ্ড আৰু শ্ল'ভেনিয়া ভ্ৰমণৰ বাবে ৰাওনা হ'ব।

    ভাৰতৰ সৈতে সু-সম্বন্ধ গঢ়ি তোলাৰ ভাও ঢৰা পাকিস্তানে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাবে এয়াৰস্পেছ খোলাত অমান্তি হ’ল। পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে শনিবাৰে ক’লে যে বৰ্তমান চলি থকা পৰিস্থিতিত পাকিস্তানে ভাৰতক এয়াৰস্পেছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিব নোৱাৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ সোমবাৰে আইলেণ্ড, ছুইজাৰলেণ্ড আৰু শ্ল’ভেনিয়া ভ্ৰমণৰ বাবে ৰাওনা হ’ব।

    পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে ক’লে যে, ‘ভাৰতৰ চৰকাৰে পাকিস্তানৰ পৰা এয়াৰস্পেছ ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছিল, ইয়াৰ কাৰণ আছিল ৰাষ্ট্ৰপতি বিদেশলৈ ভ্ৰমণ কৰাক লৈ, বৰ্তমান চলি থকা পৰিস্থিতিত ভাৰতত এয়াৰস্পেছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিব নোৱাৰে।’

    পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে পাকিস্তানৰ চৰকাৰী টিভি চেনেলত পিটিভিত দিয়া সাক্ষাত্কাৰত ক’লে যে প্ৰধানমন্ত্ৰী ইমৰান খানে এই সিদ্ধান্তক সেউজ সংকেত প্ৰদান কৰিছে।

    Photo Credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং