26 C
Guwahati
Wednesday, September 28, 2022
More

    আৰ্থিক সংকটত জুৰুলা পাকিস্তানে গঢ়িছে এক অনন্য অভিলেখ

    যি সময়ত আৰ্থিক সংকটত ভুগিছে, আন্তঃৰাষ্ট্ৰীয় স্তৰত সহায় ভিক্ষা কৰি মুখ থেকেচা খাইছে তাৰ মাজতে এক অনন্য ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ইমৰান খান নেতৃত্বাধীন পাকিস্তান চৰকাৰে

    দিনক দিনে আৰ্থিক সংকটক লৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে পাকিস্তান। আৰ্থিক সংকটে জুৰুলা কৰি পেলাইছে পাকিস্তানক। ইমৰান খানৰ নেতৃত্বত চৰকাৰ গঠনৰ মাত্ৰ এটা বছৰৰ পিছতে এই অৱস্থা হৈছে পাকিস্তানত। তাৰ মাজতে সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানক সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো এখন দেশ বা ৰাষ্ট্ৰ।

    যি সময়ত আৰ্থিক সংকটত ভুগিছে, আন্তঃৰাষ্ট্ৰীয় স্তৰত সহায় ভিক্ষা কৰি মুখ থেকেচা খাইছে তাৰ মাজতে এক অনন্য ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ইমৰান খান নেতৃত্বাধীন পাকিস্তান চৰকাৰে। আৰু সেইটো হ’ল সৰ্বাধিক ঋণ লোৱাৰ ৰেকৰ্ড। পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য। এইপৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি ইমৰান খান চৰকােৰ এবছৰ কাৰ্যকালত দেশখনৰ মুঠ ঋণৰ পৰিমাণ ৭,৫০৯ আৰব (পাকিস্তানী) টকালৈ বৃদ্ধি হৈছে পাকিস্তানত। ঋণৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছে যে চৰকাৰলৈ বিশেষ পত্ৰ লিখি পঠিয়াবলগীয়া হৈছে ষ্টেট বেংক অব পাকিস্তানে।

    Photo Credit : indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং