27 C
Guwahati
Wednesday, December 1, 2021
More

    ভাৰত-আফগানিস্তানত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে পাকিস্তানৰ লস্কৰ আৰু জইছেঃ আমেৰিকা

    আফগানী তালিবান আৰু হক্কানী নেটবৰ্কৰ দৰে সংগঠনক দেশত নিষিদ্ধ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে পাকিস্তানৰ বিৰুদ্ধে

    ভাৰত আৰু আফগানিস্তানত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচি আছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তয়বা আৰু জইছ-ই-মহম্মদে। আমেৰিকা বিদেশ মন্ত্ৰালয়ে এই কথা ফাদিল কৰে।

    আমেৰিকা বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনকেইটাৰ বিৰুদ্ধে উচিত অভিযান গ্ৰহণ কৰা নাই। এইসমূহ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ আৰু পুঁজি প্ৰদান কৰি একত্ৰিত কৰিছে। ভাৰতত এই সংগঠনকেইটাই চলাই আছে সন্ত্ৰাসবাদী আক্ৰমণ।

    জম্মু-কাশ্মীৰত সীমান্তৰৰ পৰা হোৱা আক্ৰমণৰ বাবে ভাৰতে দোষাৰোপ কৰিছে পাকিস্তানক। ভাৰতে সীমান্তত সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণৰ অভিযানৰ সন্ধান উলিয়াবলৈ আৰু নিঃশেষ কৰিবলৈ পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। আফগানী তালিবান আৰু হক্কানী নেটবৰ্কৰ দৰে সংগঠনক দেশত নিষিদ্ধ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে পাকিস্তানৰ বিৰুদ্ধে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং