27 C
Guwahati
Friday, September 30, 2022
More

    ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰত ২ জোৱান নিহত, পাক সেনাই বগা পতাকা প্ৰদৰ্শন কৰি নিলে মৃতদেহ

    ভাৰতীয় সেনাৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পন পাকিস্তানী সেনাৰ। যুদ্ধবিৰতি ভংগ কৰাৰ উচিত শিক্ষা পাকিস্তানক

    বিগত কিছুদিন ধৰি ধাৰাৱাহিকভাৱে যুদ্ধবিৰতি উলংঘন কৰি আহিছে পাকিস্তানী সেনাই। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই ১০ আৰু ১১ ছেপ্টেম্বৰত পাকিস্তানৰ ২জন সেনাক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছতে PoKৰ হাজীপুৰ ছেক্টৰৰ পৰা শনিবাৰে এটা ভিডিঅ’ প্ৰকাশ পালে। ভিডিঅ’টোত পাকিস্তানী সেনাই বগা পতাকা প্ৰদৰ্শন কৰি পাক সেনাৰ মৃতদেহ লৈ যোৱা দেখা যায়।

    ভাৰতীয় সেনাৰ সূত্ৰই ক’লে যে ১০ আৰু ১১ ছেপ্টেম্বৰত ভাৰতীয় সেনাই হাজীপুৰ ছেক্টৰত চিপাহী গুলাম ৰছুলক গুলীয়াই হত্যা কৰিছিল। ৰছুল পাকিস্তানৰ পঞ্জাৱৰ বাসিন্দা আছিল। আৰম্ভণিতে পাকিস্তানী সেনাই সেনাৰ মৃতদেহ লৈ যাবলৈ অহৰহ চেষ্টা চলাই আছিল যদিও সেই সময়তে পাকিস্তানী সেনা জোৱানক গুলীয়াই হত্যা কৰে ভাৰতীয় সেনাই।

    পাক সেনাই বিগত দুদিনত ধাৰাবাহিকভাৱে চেষ্টা চলোৱাৰ পিছতো মৃতদেহ লৈ যাব পৰা নাছিল। ১৩ ছেপ্টেম্বৰত পাক সেনাই বগা পতাকা প্ৰদৰ্শন কৰি মৃতদেহ লৈ যায়। আমাৰ সেনাই সন্মান জনাই মৃতদেহকেইটা লৈ যাবলৈ অনুমতি প্ৰদান কৰে বুলি মন্তব্য কৰে ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই।

    ইয়াৰ পূৰ্বে পাকিস্তানী সেনাই অনুমতি দিয়া নাছিল
    ইয়াৰ পূৰ্বে পাকিস্তানী সেনাই কেৰন ছেক্টৰত ৩০ আৰু ৩১ জুলাইত নিহত হোৱা নিজৰ ৫-৭ সেনা আৰু সন্ত্ৰাসবাদীৰ মৃতদেহ উভতাই ল’বলৈ অমান্তি হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং