29 C
Guwahati
Sunday, October 2, 2022
More

    পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ১০৭জনৰ ভিতৰত ৯২জন লোকৰ মৃত্যু

    বিমান খনত পাকিস্তানৰ এগৰাকী বিখ্যাত মডেলো আছিল

    শুকুৰবাৰে বিয়লি ভাগত পাকিস্তানত এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। এই বিমান দুৰ্ঘটনাটোত ৯২জনকৈ লোকৰ মৃত্যু হয়। লাহোৰৰ পৰা কৰাচী অভিমুখী পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইঞ্চ(PIA)ৰ বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাটি কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হয়। বিমানখন অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিট মান পূৰ্বে পাইলটে কাৰিকৰী বিজুতিৰ কথা জনাইছিল।

    দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কেই মূহুৰ্তমান পূৰ্বে পাইলট আৰু ATCৰ সম্পৰ্ক বিচ্ছিন্ন হৈছিল। কৰাচী বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বে পাইলটে কৈছিল যে লেণ্ডিঙৰ বাবে বিমান খনৰ আগ চকা খোল খোৱা নাই সেয়ে ২টা ৰাউণ্ড লোৱাৰ পিছত আকৌ চেষ্টা কৰি অৱতৰণ কৰিব, কিন্তু ইয়াৰ পিছতে বিমানখন দুৰ্ঘটনাত পতিত হয়।

    বিমান খনে মুঠ ১০৭গৰাকী লোক কঢ়িয়াই নিছিল। তাৰে ভিতৰত ৯৯গৰাকী যাত্ৰী আৰু ৮গৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ আছিল। এই দুৰ্ঘটনাটোৰ ফলত কৰাচী বিমান বন্দৰৰ সমীপৰ আৱাসীক এলেকাৰ প্ৰায় ৮-১০টাকৈ ঘৰ ধ্বংসস্তুপত পৰিণত হয়। এই দুৰ্ভটনাটোত কেইবাটাও পৰিয়াল মৃত্যু মুখত পৰে। ঈদ উদযাপনৰ বাবে নিজ নিজ গৃহলৈ যোৱা বহু লোক গৈ নাপালে ঘৰলৈ। বিমান খনত পাকিস্তানৰ এগৰাকী বিখ্যাত মডেলো আছিল।

    Photo Credir: Livemint.com and nytimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং